Monday 20 February 2017

সুমন্ত কুৰ্মী, ষষ্ঠ ষান্মাষিক ২০১৭
     
   





 যাত্ৰা

সৌ সিদিনা ওলালো জীৱনৰ বাটত
এজন অক্লান্ত পথিক হৈ,
মোৰ লগত ওলাল সাহস,
ধৈৰ্য আৰু মনোবল
আৰু সেই পথৰ সাৰথি হলা তুমি,
তোমাকেই সাৰথি কৰি
আমি আটাইয়ে গৈ আছো অবিৰাম।
কত যে ঘাট-প্ৰতিঘাট এই জীৱন বাটত।
তথাপিতো আমি আটাইয়ে
সেই সকলোবোৰ বাধা নেওঁচি
গৈ আছো মাঁথো গৈ আছো
সেই অজান দেশলৈ,
নাজানো আমাৰ যাত্ৰাৰ শেষ কত ?


No comments:

Post a Comment