Monday 10 June 2019

গছ পুলি ৰোপণৰ কেইটিমান দিহা


যদিও গছ পুলি ৰোপণ কাৰ্য্য তেনেই সহজ, তথাপি চলি অহা পৰম্পৰাগত জ্ঞানৰ সৈতে কিছু ব্যহাৰিক জ্ঞান আৰু কৌশল অনুকৰণ কৰিব পৰা যায় তেতিয়া নিশ্চয় সেউজী ধৰণী গঢ়াৰ যি সামান্যতম প্ৰয়াস তাহাৰ কিছুলেও বাঢ়িব।
ৰ্বষা ঋতু গছ-বন শ্ৰীবৃদ্ধিৰ উৎকৃষ্ট সময়। এই ঋতুত প্ৰকৃতি সেউজীয়া হৈ পৰে। ফুল-ফলে ভৰি পৰে ধৰণগতিকে গছ ৰুলৈ ইয়াতকৈ উৎকৃষ্ট সময় আছে বুলি ভাৱিব নোৱাৰিকিন্তু গছৰ গুটি বা পুলিটো ৰু কেনেকৈ? আপোনাৰ জ্ঞানৰ সৈতে কিছু বৈজ্ঞানিক পদ্ধতি যদি অনুকৰণ কৰা হয়, তেন্তে সময় আৰু খৰচ কম হোৱাৰ লগতে সফলতাও সুনিশ্চিত হয়। ইয়াৰ বাবে আমি তলৰ দিশবোৰ অনুকৰণ কৰোঁ আহক---
১. আপুনি কি ধৰণৰ গছ ৰু প্ৰথমে সিদ্ধান্ত লওক আৰু ইয়াৰ পূৰঠ গুটিবোৰ আগতীয়াকৈ সংগ্ৰহ আৰু সংৰক্ষণ কৰি ৰাখচাব যাতে সম্পূৰ্ণ পূৰঠ, স্বাস্থ্যৱান আৰু ডাঙৰ যেন লগা গুটিহে নিৰ্বাচন কৰে,
২. গছ সাধাৰণতে মে-জুন মাহত বা বাৰিষাৰ বৰষুণ আৰম্ভ হোৱাৰ লগে লগে ৰোপণ কৰিলে বাচি থকা সম্ভাৱনা বেছি হয়, কিয়নো বাৰিষা প্ৰাকৃতিকভাৱে যথেষ্ট পানী বৰষুণৰ দ্বাৰা পায়,
৩. মে-জুন মাহত যদি পুলি ৰোপণ কৰিব বিচাৰে তেন্তে তাৰ তিনিমাহমান আগতে সংগ্ৰহ কৰি থোৱা ভাল পূৰঠ গুটিবোৰ নিৰ্বাচন কৰি গজাঁলি মেলিবলৈ ব্যৱস্থা কৰিব লাগে,
৪. গুটি নিৰ্বাচন কৰাৰ পূৰ্বে ঘৰত এবাৰ ব্যৱহাৰ কৰি পেলাই দিব লগা হোৱা প্লাষ্টিকৰ গ্লাছ, ৬-৭ ইঞ্চি ব্যাস আৰু ১০ ইঞ্চিমানৰ অব্যৱহাৰযোগ্য প্লাষ্টিকৰ বটল, মজবুত পলিথিন আদি ব্যৱহাৰ কৰিব পাৰে। পলিথিন বা প্লাষ্টিকৰ ধাৰক বা পাত্ৰ ব্যৱহাৰ কৰিলে তলৰ পৰা আধা ইঞ্চিমান ওপৰত তিনি চাৰিটামান ফুটা কৰি দিব লাগে যাতে পানী দিয়াৰ পাছত অতিৰিক্ত পানীখিনি ওলাই যাব পাৰে। এনে ধৰণৰ পাত্ৰ বা ধাৰকবোৰ অতি কমেও ১০ দিনমান আগতে শুকান গোৱৰ মিহলি কৰা মাটিৰে ভৰাব লাগে কিয়নো আগতীয়াকৈ মাটিভৰাই থলে মাটিৰ দানাবোৰ ভালদৰে ঠাহ খাই পৰে আৰু তাৰ ভিতৰত থকা বায়ু ওলাই যায়, যাৰ ফলত গুটিৰ অঙ্কুৰণৰ পাছত সহজে শিপা মেলিবলৈ সুবিধা হয়। অৱশ্যে মাটি ভৰাওঁতেও পাত্ৰ বা ধাৰকৰ ভিতৰত বায়ু সোমাই থাকিব নোৱাৰাকৈ ভৰাব লাগে,
৫. মাটি ভৰোৱা ৭-৮ দিনৰ পাছত পাত্ৰ বা ধাৰকৰ সোঁ-মাজত গুটিটো দিব লাগে। যদি গুটিবোৰৰ বহিস্তকখন টান হয় তেন্তে পাত্ৰ বা ধাৰকত দিয়াৰ আগতে দুদিনমান পানীত ডুবাই মাটিত দিয়াৰ আগত নিৰস কৰি লব লাগে। তাৰ দুদিনৰ পাছত অলপ অলপকৈ পানী ছটিয়াই থাকিব লাগে,
৬. স্বাস্থ্যৱান গুটি হলে এসপ্তাহৰ ভিতৰত গুটি অঙ্কুৰণ হবলৈ ধৰিব। তাৰ লগে লগে কিন্তু অপতৃণও বাঢ়িব, সেইবোৰ উভালি পেলাব লাগে। প্ৰয়োজন অনুসৰি পানী দি থাকিব লাগে,
৭. যদি পোক পৰুৱাই আক্ৰমণ কৰে তেন্তে ৰগৰ বা তেনে জাতীয় কীটনাশক কমকৈ দিব লাগে। যিহেতু আমি এইবোৰ গছ প্ৰত্যক্ষভাৱে নাখাওঁ, পোক-পৰুৱাৰ আক্ৰমণৰ পৰা বচাবলৈ সীমিত পৰিমাণত প্ৰয়োগ কৰিব পৰা যায়। অৱশ্যে জৈৱিক ভাৱে সুৰক্ষা দিব পাৰিলে ভাল,
৮. এনেদৰে প্ৰতিপালন কৰিলে ৩-৪ মাহৰ পাছত পুলিটো ৰুৱ পৰা হয়গৈ। ৰোৱাৰ সময়ত একেবাৰে ওপৰৰ পাত কেইখিলা পূৰঠ হব লাগে কিয়নো পুৰঠ হলে সেই পয্যায়ত শিপাই নতুনকৈ ৰোপণ কৰা ঠাইত পানী সহজে শোষণ কৰিব নোৱাৰিলেও হঠাতে মৰি নাযায়। কিন্তু আগটো কুমলীয়া হৈ থাকিলে উপযুক্ত পানী শিপাৰ দ্বাৰা গছৰ পুলিটোৱে নাপালে লেৰেলি শুকাই যোৱাৰ সম্ভাৱনা থাকে,
৯. ৰোপণৰ আগে আগে ডাঙৰ উদ্ভিদ জাতীয় গছ হলে ডাঙৰকৈ গাত খান্দিব লাগে। সাধাৰণতে গাত ২.৫x২.৫x২.৫ ঘনফুট আকাৰৰ কৰিব লাগে। অৱশ্যে কোমল মাটি হলে ইমান ডাঙৰ নকৰিলেও হয়। গাতবোৰ পুলিৰোপণৰ ৭-৮ দিনমান আগতে খান্দিব লাগে। খন্দা গাত পুটিবলৈ এক ফুটৰ ওপৰৰ মাটিৰে ভৰাব লাগে কিয়নো ওপৰৰ মাটিত যথেষ্ট পৰিমাণে জৈৱিক সাৰ জমা হৈ থাকে। তাৰোপৰি পচা জাবৰ-জোথৰ বা শুকান গোৱৰ দিব পাৰিলে ভাল,
১০. পুলিটো ৰোৱতে চাব যাতে গাতটোৰ সোঁমাজতহে পুলিটো ৰোপণ কৰা হৈছে কিয়নো সোঁমাজত ৰুলে গাতটোৰ কোমল মাটিত চাৰিওফালে সমানে শিপা মেলিব পাৰে। ইয়াৰ ফলত গছ ডাল মজবুত হৈ ভৱিষ্যতে বতাহ-ধুমুহাতো হালি নপৰাকৈ থাকিব পাৰিব। আৰু এটা কথা লক্ষ্য কৰা উচিত যে পুলিটোৰ সৈতে লাগি থকা মাটিখিনি যাতে ৰোপণৰ সময়ত কোনো কাৰণতে ভাগি নপৰে। পুলিটোৰ গুৰিত ভৰিৰে গচকি আঁতিব নগৈ অলপ দূৰৈৰ পৰা আঁতিব লাগে যাতে পুলিটোৰ মাটি আৰু শিপাবোৰ ছিগি নপৰে।