Sunday 7 March 2021

প্লাষ্টিকও হ’ব পাৰে পৃথিৱীৰ ধ্বংসৰ কাৰণ

 আপুনি জানেনে?

          কথাটো শুনিবলৈ বেয়া যদিও এইটো ধ্ৰুৱ সত্য যে প্ৰত্যেক দিনাই মই, আমি, আপুনি সকলোৱে আত্মহত্যাৰ যো-যা চলাই আছোআমি আমাৰ দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ বৰ্জনীয় পদাৰ্থ সৃষ্টি কৰিছো আৰু সেইবোৰ চৌপাশৰ সুন্দৰ পৰিৱেশত পেলাই প্ৰকৃতিৰ স্বকীয় কাৰ্য প্ৰণালীত বাধাৰ সৃষ্টি কৰিছোআমি পেলোৱা বৰ্জনীয় পদাৰ্থবোৰ আমাৰ পৰিৱেশৰ বাবে, আমাৰ বাবে অতি বিষাক্ত। Slow poison ৰ দৰে ই আমাক প্ৰত্যেক দিনাই মৃত্যুৰ মুখলৈ টানি নিছে।

    আমি পেলোৱা বৰ্জনীয় পদাৰ্থবোৰৰ ভিতৰত কিছুমান জৈৱিকভাৱে পচনক্ষম (Bio-degradable) আৰু কিছুমান জৈৱিকভাৱে অপচনক্ষম (Non-Biodegradable)আমি সৃষ্টি কৰা জৈৱিকভাৱে অপচনক্ষম বা non-biodegradable ৰ ভিতৰত সকলোতকৈ মাৰাত্মক হৈছে প্লাষ্টিক আৰু পলিথিন। এইবোৰৰ ব্যৱহাৰ যদিও হঠাতে বন্ধ কৰিব নোৱাৰি কিন্তু চেষ্টা কৰিলে আমি যথেষ্ট পৰিমাণে কমাব পাৰোঁ। ইয়াৰে যথেষ্ট সংখ্যক আমি পুনৰ ব্যৱহাৰ কৰি প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰাৰ বাবে গঢ়ি উঠা যুদ্ধখনৰ এজন যুজাৰু হব পাৰোঁ। ইহঁতক ব্য়ৱহাৰৰ পাছত অবিবেচকৰ নিচিনাকৈ পেলাই নিদি আমি পৃথকভাৱে  থৈ ইয়াৰে যথেষ্টখিনিক আমাৰ দৈনন্দিন জীৱনত বহুতো কামত খটাব পাৰো আৰু ব্যৱহাৰৰ অযোগ্যবোৰ পৌৰসভা নতুবা দ গাত খান্দি পুতি থব পাৰো ইয়াতকৈয়ো ডাঙৰ কথা প্লাষ্টিক ব্যৱহাৰৰ পৰা যথাসম্ভৱত বিৰত থকা। এনে কৰিলে আমাৰ চৌপাশটো পৰিস্কাৰ হৈ থকাৰ লগতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবেও এখন সুন্দৰ প্ৰকৃতি দি থৈ যাব পাৰিম। এই প্ৰক্ৰিয়া যদি মোৰ আৰু আপোনাৰ পৰা আৰম্ভ কৰো তেন্তে সমগ্ৰ পৃথিৱীখনে ধ্বংসৰ গৰাহলৈ যোৱা পথত বাধা দিব পাৰিম আৰু হাজাৰ হাজাৰ পৰিৱেশ ধ্বংসকাৰীক উত্তৰ প্ৰজন্মই তিৰস্কাৰ কৰাৰ সময়ত আমি সদম্ভে থিয় দি থাকিব পাৰিম