Wednesday 19 April 2017

পদিনাৰ বিষয়ে আমি নজনা অনেক কথা

ডা০ ভূপেন শইকীয়া

পদিনাৰ স্বাদ নোলোৱা মানুহৰ সংখ্যা হয়তো আঙুলিৰ মূৰত লিখিব পৰা যাব ৷ কিন্তু ইয়াৰ গুণাৱলীৰ সৈতে আমাৰ কিমানজন অৱগত তাত সন্
দেহৰ অৱকাশ আছে ৷ গোটেই বিশ্বতে প্ৰাচীন কালৰ পৰা মানুহৰ খাদ্য তালিকাত স্থান পাই অহা পদিনাৰ বিশেষত্ব আজি আপোনালোকৰ আগত দাঙি ধৰিম ৷ মোৰ দৃঢ় বিশ্বাস পদিনাৰ বিষয়ে সেইখিনি কথা জনাৰ পিছত আপোনাৰ মনত এই বিধ সহজলব্ধ বনৌষধি শাকে বিশেষ সমাদৰ লাভ কৰিবলৈ সমৰ্থ হব ৷
পদিনাক আন আন ভাষাত কি বুলি মাতে জানো আহক :

অসমীয়াত পদিনাক কোনো কোনো লোকে পদুনা বোলে ৷ ডিমাছা আৰু কাৰ্বিসকলেও বোলে পদিনা ৷ বাংলাত পুদিনা, হিন্দীত পুদীনা, মাৰাঠীত পুদীনা, কংকনীত পুদীনা, গুজৰাটীত পুধীনা, তামিলত পুধীনা, মলয়ালমত পুধীনা, তেলেগুত পুধীনা কোৰা, কানাড়াত পুদিনা চপু, পঞ্জাবীত হৰা পুদীনা, ওৰিয়াত পদানা পাত্ৰা, কাশ্মিৰীত পদ্যানু আৰু উৰ্দূত পুদীনা বোলে ৷
কেইটিমান বিদেশী ভাষাত পদিনাৰ পৰিচয় হ'ল এইদৰে -
ফিলিপিনো ( Gawaan ng kuwaltang metal), জাৰ্মানী (Minze), ফৰাচী (Menthe), ইণ্ডোনেচিয়া (Permen), ভিয়েটনামী (Cay baeha),আইৰিচ (Mint), ব্ৰাজিলত (Hortela )
পদিনাৰ ব'টানিকেল নাম হ'Mentha৷ গোত্ৰ (Family)Lamiaceae ৷ পদিনাৰ কমেও ২৫বিধ প্ৰজাতি আছে ৷ ব্যৱসায়িকভাবে বহুল প্ৰচাৰিত কেইটিমান প্ৰজাতি হ'ল-Mentha piperita, Mentha spicata, Mentha gracilis, Mentha arvensis আৰু Mentha suaveolens ৷ আমেৰিকা, অষ্ট্ৰেলিয়া ,ইউৰোপ,আফ্ৰিকা আৰু এচিয়া মহাদেশৰ অঞ্চলভেদে ভিন্ন ভিন্ন প্ৰজাতি দেখা যায় ৷ প্ৰজাতিভেদে পদিনাৰ পাত, ফুল, আৰু ঠাৰিৰ আকাৰ আৰু ৰঙৰ কিছু তাৰতম্য দেখা যায় ৷ পদিনা সাধাৰণতে জিকা মাটি আৰু আংশিক ছাঁ পৰা ঠাইত বেচিকৈ হয় ৷ কিন্তু এই বিধ বনৌষধি প্ৰকৃতিৰ ভালেখিনি তাৰতম্য সহ্য কৰিবলৈ সক্ষম ৷ কিছুমান প্ৰজাতিৰ বৃদ্ধি বেচ খৰতকীয়া ৷ আমাৰ দেশৰ উত্তৰ প্ৰদেশৰ ৰামপুৰ নামৰ ঠাইত থকা পদিনাৰ ফাৰ্মখনে বিশ্বজোৰা খ্যাতি আৰ্জিবলৈ সক্ষম হৈছে ৷ অন্ত:ৰাষ্ট্ৰীয় বজাৰৰ পৰা এই Mentha & Allied Products Private Limited নামৰ ফাৰ্মখনে বছৰি কোটি টকাৰ ওপৰৰ ধন আৰ্জন কৰি আহিছে ৷
পদিনা গছৰ বৰ্ণনা : -
এজোপা পদিনা ১০ৰ পৰা ১২০ চেন্টিমিটাৰ পৰ্য্যন্ত দীঘল হব পাৰে ৷ পাতৰ ৰঙ পাতলৰ পৰা ডাঠ সেউজীয়া আৰু গা গছৰ ৰঙ সেউজীয়া বা বেঙুনীয়া বৰণৰ হয় ৷ গছৰ পাতৰ পৰা এটা সুবাস ওলাই থাকে ৷ ইয়াৰ ফলত পদিনাৰ পৰা অপকাৰী কীট-পতংগ,পৰুৱা,পইতাচোৰা আতৰ হয় ৷ আনহাতে মৌ মাখিৰ দৰে উপকাৰী জীৱ কাষ চাপি আহে ৷ পদিনাত বগা, নীলা বা বেঙুনীয়া বৰণৰ ফুল ফুলে ৷ সময়ত ফল আৰু গুটিও হয় ৷ গুটিৰ পৰাও গছ হয় কিন্তু বেচি ভাগ লোকেই ডাল ৰুই পদিনাৰ খেতি কৰে ৷ এজোপা পদিনাৰ আয়ুস এবছৰৰ পৰা দুবছৰ ৷
কি কি লাগতিয়াল তত্ব পদিনাত থাকে ?
এক টেবুল চামুচঅৰ্থাৎ ৩-২গ্ৰাম পদিনাত কেলৰি থাকে ২, প্ৰটিন ১০০মিলিগ্ৰাম, কাৰ্বোহাইড্ৰেট ৫০০মিলিগ্ৰাম, ডায়েটেৰী ফাইবাৰ ৩০০মিলিগ্ৰাম, পটেচিয়াম ১৮মিলিগ্ৰাম, 'ডিয়াম ১মিলিগ্ৰাম ৷ আইৰণ, ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-বি গোট পদিনাত থাকে ৷ পদিনাৰ পৰা ওলোৱা তেলত থাকে মেন্থল, মেন্থন, মেন্থাইন এচিটেট, লিমোনি, চিনোলি, বিটা পিনেনি আৰু বিটা কেৰিঅ'ফাইলিন ৷
পদিনাৰ পৰা কি কি উৎপাদন হয় ? 
পদিনাৰ তেল, পিপাৰমেন্ট, প্ৰসাধন সামগ্ৰী, সুগন্ধি দ্ৰব্য, টুথপেষ্ট,বিষনাষক বাম, জেলি,চৰবত,চুপ ,মৰ্টন,চকলেট, চুয়িংগাম ইত্যাদি ৷ আমেৰিকা আৰু জাপানত মদিৰাৰ লগত, গাল্ফত মাংসৰ ব্যঞ্জনৰ সৈতে পদিনা ব্যৱহৃত হয় ৷ ভিয়েটনাম,থাইলেণ্ড আদি দেশত পদিনাৰ চালাডৰ প্ৰচলন বেচি ৷ আমাৰ অসমীয়া লোকসকলে পদিনা ঘাইকৈ আম-নেমু বা থেকেৰাৰ সৈতে পিচি চাটনি কৰি ভাতৰ সৈতে খায় ৷ ৰোমত বিদ্যাৰ্থীসকলৰ মস্তিষ্কৰ উৎকৰ্ষ সাধনৰ বাবে পদিনা খাবলৈ পৰামৰ্শ দিয়া হয় ৷
পদিনাৰ উপকাৰিতা : -
আগৰ দিনত পেটৰ বিষ,বায়ুজনিত ৰোগ আৰু বুকুৰ বিষত বনৌষধি হিচাবে পদিনা সেৱন কৰিবলৈ দিয়া হৈছিল ৷ তাৰ পৰাই হয়তো আজিকালি ক'লাইটিচ আৰু ইৰিটেবল বাৱেল চিনড্ৰমত পদিনা খোৱা পৰামৰ্শ দিয়াৰ সুত্ৰপাত হ'ল ৷ নানান পৰীক্ষাগাৰত পদিনাৰ বিষহাৰক, এলাৰ্জি-বিনাশক, হজম শক্তিবৰ্ধক, ৰুচি বৃদ্ধিকাৰক গুণ প্ৰমাণিত হৈছে ৷ আজিকালি মেদবহুলতা কমাবলৈ,শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ পদিনা সেৱন কৰিবলৈ বহু চিকিৎসকে পৰামৰ্শ দিয়ে ৷ পদিনাই পাক প্ৰণালীৰ হজম শক্তি বঢ়াই চৰ্বিক গলাই শক্তিলৈ ৰূপান্তৰিত কৰে ৷ এন্টিঅক্সিডেন্ট গুণযুক্ত হোৱা বাবে পদিনাই শৰীৰৰ ইমিউনিটি বঢ়ায় আৰু কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়ে ৷ পদিনাই শাৰীৰিক-মানসিক অৱসাদ আতৰাই আৰু মানসিক চাপ কমোৱাত আমাক সহায় কৰে ৷ পদিনা হাঁপানি আৰু এলাৰ্জিক ৰাইনাইটিজ ৰোগৰ চিকিৎসাত সহায়ক ৷ ভিটামিন-এ থকাৰ বাবে পদিনা চকুৰ শক্তি বৃদ্ধিকাৰক ৷

আয়ুৰ্বেদিক চিকিৎসাৰ কেইটিমান বিধান পাঠকে প্ৰয়োগ কৰি চাব পাৰে : -

পদিনাৰ ৰস মৌজোলৰ সৈতে মিহলাই খালে অনিদ্ৰা আতৰ হয় ৷
দুচামুচ পদিনাৰ ৰস আধা কাপ কুহুমীয়া গৰমপানীৰ সৈতে মিহলাই খালে বাৰে বাৰে পিয়াহ লগা আতৰ হয় ৷
পদিনাৰ চাহ নিমখীয়া কৰি খালে কাহ, মূৰৰ বিষ আৰু জ্বৰ আতৰ হয় ৷
চকুৰ চৌদিশে হোৱা ক'লা দাগ আতৰাবলৈ হলে কিছুদিনলৈ দৈনিক আধা ঘন্টা সময় পদিনা পিচা প্ৰলেপ লগাওঁক ৷ পিছত সাবধানে ঠাণ্ডা পানীৰে ধুই দিয়ক ৷ চাব, চকুৰ ভিতৰলৈ পদিনা পিচা নাযায় যেন ৷
খহু আৰু খুন্দা খাই হোৱা বিষত পদিনাৰ প্ৰলেপ উপযোগী ৷
মাহেকীয়াৰ সময়ত হোৱা বিষ আৰু অনিয়মীয়া ঋতুস্ৰাৱৰ চিকিৎসাত উপযোগী ৷
নাকৰ ৰক্তক্ষৰণ ৰোধ কৰিবলৈ পদিনাৰ ৰস ২৷৩ টোপাল দিলেই হয় ৷
কাণৰ সংক্ৰমণত পদিনাৰ ৰস উপযোগী ৷
পদিনাৰ প্ৰলেপ শালমনৰ চিকিৎসাত ফলপ্ৰসু ৷
বৃশ্চিক বা আন কীট-পতংগই দংশন কৰিলে পদিনাৰ প্ৰলেপ দিলে উপশম হয় ৷
আয়ুৰ্বেদিক চিকিৎসকে মেলেৰিয়াৰ চিকিৎসাত পদিনা আৰু তুলসীৰ পাতৰ সিদ্ধ মিশ্ৰণ ব্যৱহাৰ কৰে ৷
হিষ্টেৰিয়াত দৈনিক ৪চামুচকৈ পদিনাৰ ৰস খাবলৈ দি চিকিৎসা কৰা হয় ৷
দৈনিক দুচামুচকৈ পদিনাৰ ৰস সেৱন কৰিলে উচ্চৰক্ত চাপ নিয়ন্ত্ৰণত থাকে ৷
মুখৰ ভিতৰত বা জিভাত ঘা হলে পদিনা পিচা লগালে উপকৃত হব ৷
পদিনাৰ ৰস আধা পিয়লা পানীত মিহলাই দিনে ২৷৩বাৰ খোৱালে ওকালি আৰু বমিৰ উপশম ঘটে ৷
পদিনা হ'ল মাতৃ দুগ্ধ বৃদ্ধিকাৰক ৷ স্তনাগ্ৰ ফাটিলে পদিনাৰ প্ৰলেপ লগালে উপশম হয় ৷
পদিনাৰ ৰস,পিঁয়াজৰ ৰস আৰু নেমুৰ ৰস সম পৰিমানত মিহলাই খোৱালে গ্ৰহণী, ডায়েৰিয়াৰ প্ৰকোপ কমে ৷
হিকটি আহিলে তাক ৰোধ কৰিবলৈ চেনিৰ সৈতে কেইখিলামান পদিনাৰ পাত চোবাওঁক ৷
দাঁত আৰু দাঁতৰ আলু মজবুত কৰিবলৈ হলে দৈনিক কেইখিলামান পদিনাৰ পাত চোবাওঁক ৷
মুখৰ দূৰ্গন্ধ আতৰ কৰিবলৈ হলে পদিনাৰ পাত উতলাই ঠাণ্ডা হবলৈ দিয়ক ৷ যেতিয়া পানী কুহুমীয়া গৰম হব সেই পানীৰে ভালদৰো কুলকুলি কৰক ৷ দিনে দুবাৰকৈ ৫৷৭দিন এনে কৰক ৷
পুৰুষ আৰু মহিলা উভয়ৰে সন্তানহীনতাৰ আয়ুৰ্বদিক চিকিৎসাত পদিনাৰ ভূমিকা আছে বুলি জনা যায় ৷
আকস্মিকভাবে সংজ্ঞা হেৰোৱা লোকক কেইখিলামান পদিনাৰ পাত মোহাৰি ঘ্ৰাণ লবলৈ দিলে চেতনা ঘূৰাই পায় ৷

এই লিখনি আজিলৈ ইমানতে সামৰিলোঁ ৷ পৰৱৰ্তী সময়ত পাঠকৰ অভিজ্ঞতা ইয়াত যোগ দিয়াৰ আশা ৰাখিলোঁ ৷
লেখকৰ ঠিকনা

ডোহা, কাটাৰৰ পৰা, 
যোগাযোগ +৯৭৪ ৩৩৭৩৮৭২২ ই-মেইল drbksaikia@gmail.com
ৱেবচাইট www.drbhupensaikia.com 
ৰচনাকাল ১৯মাৰ্চ ২০১৭



মোৰ এটি সপোন

 মোৰ এটি কণমানি সপোন

সহদেৱ সাহ, চতুৰ্থ ষান্মাসিক
উদ্ভিদ বিজ্ঞান বিভাগ
এটি কণমানি ঘৰ,
এটি দুটি কৰি কেইটিমান জোনাকী সপোন,
আৰো বিছাৰো
তোমাৰ ওঁঠৰ এমুঠি হাঁহি...

নাজানো তুমি এতিয়া ক', 
কি তোমাৰ নাম,
সাগৰিকা সংঘমিত্ৰা নে অপৰূপা,
দু-চকুৰ চিনাকি নাথাকিলেও তুমি যে মোৰ একেবাৰেই আপোন ।।


ভাল পাওঁ তোমাক নিকা হৃদয়েৰে, 
অপেক্ষাৰ উৰণি গুচাই তুমি আহা মোৰ কাষলৈ,
নিচেই কাষলৈ..
এচমকা জোনাকহৈ ।