Sunday, 3 September 2017

ভীমকলৰ গুণ


                                                জয়ন্ত সোণোৱাল
                                                              (ইতিমধ্যে প্ৰান্তিকৰ জানুৱাৰী ১-১৫ সংখ্যাত প্ৰকাশিত)

ভীমকল এবিধ প্ৰকাণ্ড শাক জাতীয় বহু বৰ্ষজীৱি উদ্ভিদ ঠাই বিশেষে এজোপা ভীমকলৰ উচ্চতা প্ৰায় ১০ মিটাৰ পৰ্য্যন্ত ওখ হয় ফল অধিক বীজযুক্ত যদিও পকিলে খাবলৈ মিঠা হয় ফল প্ৰায় ২০ ছে. মি. দীঘল আৰু প্ৰায় ১০ ছে. মি. ব্যাসৰ তিনিসিৰযুক্ত গা-গছ ডাল কিছুমান দীঘল অৱতলীয় পাতৰ দৰে বাকলিৰ দ্বাৰা গঠিত যাক কলডোং বুলি কয় এই কলডোংবোৰ লগ লাগি অপ্ৰকৃত কাণ্ডৰ গঠন কৰে পাতবোৰৰ ঠাৰি শকত আৰু শক্ৰিশালী পাতৰ ৰং পাতল সেউজায়া, পাতৰ দৈৰ্ঘ্য ডেৰ পৰা আঢ়ৈ মিটাৰ পৰ্য্যন্ত দীঘল হয় আৰু বহলে আধা মিটাৰতকৈ বেছি   পাতৰ উপৰিপৃষ্ঠ মম জাতীয় পৰ্দাথৰে গঠিত

ভীমকল বা আঠিয়া কল বুলি জানাজাত এই গছজোপাৰ বৈজ্ঞানিক নাম Musa balbisiana Colla ভীমকলৰ বিষয়ে ১৮২০ চনত পোন প্ৰথমে ইটালিয়ান উদ্ভিদবিদ লুইগি এলয়ছিয়াছ কলাই (Luigi Aloysius Colla)বৈজ্ঞানিক দৃষ্টি ভঙ্গিৰে ব্যাখ্যা কৰিছিল উদ্ভিদ বিজ্ঞানত ভীম বা আঠিয়া কলক একবীজপ্ৰত্ৰী সষ্পূক উদ্ভিদৰ মুজেছি (Musaceae) নামৰ গোত্ৰত ৰখা হৈছে
এই বিধ গছ অসমৰ গ্ৰামাঞ্চলত প্ৰচুৰ পৰিমানে পোৱা যায় গ্ৰাম্য জীৱনৰ দৈনন্দিন বিভিন্ন কাৰুকাৰ্য্যত ভীমকল আৰু ভীমকল গছৰ বিভিন্ন অংশৰ ব্যৱহাৰ অপৰিসীম ভাৰতৰ বাহিৰেও চীন, ইণ্ডোনেচিয়া, মালেয়েচিয়া, ম্যানমাৰ, নেপাল, নিউ গুইনিয়া, ফিলিপাইনচ্, শ্ৰীলংকা আৰু থাইলেণ্ডত ভীমকল পোৱা যায় এসময়ত বনৰীয়া হিচাপে পৰিত্যক্ত এই মূল্যবান ভীমকলৰ পৰাই বৰ্ত্তমান সময়ৰ বহুবিধ উন্নত জাতৰ কল সংকৰণ কৰি উলিয়াইছে
            অসমৰ চহা গাৱলীয়া জীৱনশৈলীত ভীমকলৰ ফল আৰু গছৰ ব্যৱহাৰ অতি গুৰুত্বৰ্পূণ ভীমকল ঘৰুৱা কাম কাজত ব্যৱহাৰ কৰা উপৰিও বিভিন্ন মাঙ্গলিক আৰু সামাজিক কৰ্মত বহুল ভাৱে ব্যৱহাৰ হয় ফলৰ পৰা আৰম্ভ কৰি গা-গছ, পাত, ফুল, কাণ্ড, শিপা আদি আটাইবোৰ অংশই ব্যৱহাৰ কৰা দেখা যায় সাধাৰণ ব্যৱহাৰৰ ওপৰিও ঔষধ আৰু ঘৰুৱা সুৰা প্ৰস্তুতকৰণতো ভীম কল ব্যৱহাৰ কৰা হয় কিন্তু বিশ্বায়নৰ প্ৰভাৱত এই অতি মূল্যৱান বহুগুণী গছজোপা দিনে দিনে অৱহেলিত হৈ কমি আহিবলৈ ধৰিছে

ভীমকলৰ সাধাৰণ ব্যৱহাৰ
কলখাৰ- কলখাৰ দি আঞ্জা খোৱা বাবে অতিথিপৰায়ণ অসমীয়া জাতিটোক খাৰখোৱা অসমীয়া বুলি কোৱা হয় খাৰ অসমীয়া খাদ্যাভাসৰ এক অবিচ্ছেদ্য উপকৰণ কলগছৰ বিভিন্ন অংশৰ পৰা নিজে ঘৰত খাৰ প্ৰস্তুত কৰিব পাৰি কল খাৰ ফলৰ বাকলিৰ উপৰিও গা-গছৰ ডোং, শুকান পাত আৰু ঠাৰি, কলডিলৰ বাকলি, গছৰ মূঢ়া আদি শুকুৱাই লৈ জ্বলাই ছাই কৰি কলখাৰ প্ৰস্তুত কৰা হয় এই কলখাৰ কেৱল খাদ্য উপকৰণ হিচাপে নহয়, কাপোৰ ধোৱা, মূৰ-চুলি ধোৱা আদি কামতো  ব্যৱহাৰ কৰা হয় কলখাৰে এৰি কাপোৰ ধোলে উজ্বলতা বাঢ়ে, দেখিবলৈ ধুনীয়া আৰু বলৈও আৰাম হয় বজাৰত বিভিন্ন ধৰণৰ চাবোন, চেম্পু আৰু মলি-মাৰ্জক সহজলভ্য হোৱাৰ লগে লগে গ্ৰাম্যাঞ্চলত বহুলভাৱে প্ৰচলিত কলখাৰৰ জনপ্ৰিয়তা আৰু ব্যৱহাৰ লাহে লাহে কমি আহিছে
কলপচলা- আঞ্জা হিচাপে খাবলৈ ব্যৱহাৰ কলৰ পুলিক পচলা বোলে সেই কল পচলা অসমীয়া খাদ্যভাসৰ অতি জনপ্ৰিয় পাচলি এসময়ত কেৱল গ্ৰাম্যাঞ্চলতে পাচলি হিচাপে ব্যৱহাৰ কৰা কলপচলা আজিকালি নগৰ -মহানগৰৰ বজাৰতো দেখিবলৈ পোৱা যায় কলপচলা কেৱল সাধাৰণ আঞ্জাই নহয়, কল পচলা খালে দেহত জমা হোৱা ইউৰিক এচিড্ কমাই ৰাখে
কলডিল- কলডিলৰ আঞ্জা অতি সুৰুচিবোধক আৰু ঔষধি গুণযুক্ত ভয়াম অঞ্চলত পোৱা কলডিলৰ ভিতৰত ভীমকলৰ কলডিলহে বেছিকৈ পাচলি হিচাপে ব্যৱহাৰ কৰা দেখা যায় অৱশ্যে পাহাৰীয়া কলডিলৰো সমাদৰ যথেষ্ট পাৰ মাংস আৰু কলডিলৰ আঞ্জা খাবলৈ জুতি লগা কলডিলত খাদ্যপ্ৰাণ কেলছিয়াম আৰু আইৰণ যথেষ্ট পৰিমাণে থাকে সেইবাবে আইৰণ কমি যোৱা ৰোগীক কলডিল খাবলৈ কোৱা হয়
ফল- ফল বা ভীমকল যদিও যথেষ্ট গুটিৰে ভৰপুৰ তথাপি খাবলৈ বৰ সোৱাদ এই ফল ফুল ফুলাৰ পৰা পকিবলৈ প্ৰায় ছমাহ সময় লাগে পকা ভীম কল পুহ মাহত নিয়মীত খালে গাত ভীমৰ সমান বল হয় বুলি গাঁৱৰ মানুহৰ মুখে মুখে শুনা যায় পিঠাগুৰিৰ সৈতে পকা ভীমকলৰ লগত তৈয়াৰ কৰা লাড়ু খাবলৈ বৰ ভাল খেতিয়ক সকলক গৃহিনীয়ে পথাৰত ফিকা চাহৰ সৈতে ভীমকল আৰু পিঠাগুৰিৰ লাডু খাবলৈ প্ৰায়েই দিয়ে এই লাডু খায়েই ঘৰৰ গৃহষ্ঠই দিনৰ এপৰলৈ হাল বাই খৰালি কৰাল মাৰি থকা মাটিৰ চহ কৰে এই লাড়ু যথেষ্ট শক্তিদায়ক ইয়াৰ উপৰিও নপকা পূৰঠ ভীমকল চকলা চকলকৈ কাটি কেৰাহিত তেল নিদিয়াকৈ পুৰি খাবলৈ বৰ ভাল হয় গাওঁ বহুলোকে চাহৰ লগত বিস্কুতৰ পৰিৱতে ভীমকলৰ এনেধৰণৰ পূৰা কল খাই পকা ভীমকলৰ পৰা গুটিবোৰ চালনীৰে চালি আতৰাই ছয়মহৰ পৰা কেচুঁৱাক খোৱালে শ্ৰীবৃদ্ধি হয় শিশুৰ পঁয়ালগাও ভাল হয় পকা ভীমকলৰ পৰা জেলি বনাইও খাব পাৰি পকা ভীমকল পাতল পাতলকৈ কাটি দত ভালদৰে শুকুৱাই পাছত বিস্কুতৰ নিচিনাকৈ চাহৰ লগত খাব পাৰি পকা ভীমকলৰ পৰা ঘৰুৱা সুৰা প্ৰস্তুত কৰা হয় অসমৰ জনজাতি সম্পদায় লোকে পকা ভীমকলৰ লগত সাঁজৰ পিঠা সানি ঘৰুৱা সাঁজ তৈয়াৰ কৰা দেখা যায় এনেধৰণে তৈয়াৰ কৰা সাঁজ খাবলৈ মিঠা আৰু দেখিবলৈ গাঢ় হালধীয়া হয় কেঁচা ভীমকল ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয় পেটচলা বেমাৰত এটা কেঁচা ভীমকলৰ ভাগৰ ভাগ, মধুৰীয়ামৰ কুমলীয়া আগ তিনিটা আৰু ইঞ্চি দীঘল আৰু ইঞ্চিমান বহল শিলিখা গছৰ বাকলিৰ সৈতে খুন্দি পৰিশ্ৰুত খালে মাত্ৰ দুই পালিতে পেটচলা ভাল হয় অৱশ্যে পৰিমাণ বেছি লে শৌচ টানহৈ কষ্ট হয়
কলডোং- কল গছৰ কাণ্ড অপ্ৰকৃত কাণ্ড কিছুমান দীঘল দীঘল অৱতলীয় বাকলিৰে উলম্বভাৱে সজ্জিত হৈ অপ্ৰকৃত কাণ্ড গঠন হয় গছ ডালৰ বাহিৰৰ পৰা ভিতৰলৈ বাকলিসমূহৰ আকাৰ ক্ৰমান্বয়ে কমি যায় বাহিৰৰ পৰা ভিতৰ ফালৰ - টা বাকলি বিভিন্ন কামত ব্যৱহাৰ কৰা হয় গাঁৱৰ লোকসকলে সমজোৱা ভোঁজ বা সকাম-নিকামত খোৱাৰ থালিৰ পৰিৱতে কলডোং ব্যৱহাৰ কৰে এনেদৰে খাবলৈ থালিৰ পৰিৱতে ব্যৱহাৰ কৰা কলডোংক কলপতুৱা বুলিও কয় কলডোঙৰ পৰা বিশেষভাৱে বনোৱা পাতত কোমল চাউল, দৈ আৰু গুৰ দি খোৱা জলপান অসমৰ গাম্য জীৱনৰ পৰম্পৰাৰ দৰে অস্থায়ীভাৱে ব্যৱহাৰ কৰা কলডোং পৰিৱেশ হিতৈশী আজিকালি বনভোঁজ খাবলৈ যোৱা দলসমূহে প্লাষ্টিক বা পলিথিনৰ দ্বাৰা তৈয়াৰী প্লেট ব্যৱহাৰ কৰে আৰু সেইবোৰ খোৱা ঠাইতে পেলাই থৈ আহি পৰিৱেশ বিনষ্ট কৰে সেই প্লাষ্টিক বা পলিথিনৰ প্লেট ব্যৱহাৰ কৰা পৰিৱতে যদি কলপতুৱা ব্যৱহাৰ কৰা হয় তেন্তে পাশ্বক্ৰিয়াহীন পাতবোৰ সোনকালে পচি গৈ পৰিৱেশ পৰিষ্কাৰকৈ ৰাখিব  ছোৱালী তুলনী বিয়াত কলডুঙৰ দ্বাৰা সজোঁৱা বেৰীৰ (কন্যাক গা ধোৱাবলৈ ব্যৱহাৰ কৰা ঘৰ) ভিতৰত কন্যাক গা ধোৱায়
কলগছ- কল গছৰ ব্যৱহাৰ সকলোৱে দেখিছে অপ্ৰকৃত কাণ্ড কাটি গাৱঁৰ বিয়া সভাহত ৰভা সাজিবলৈ খুটা হিচাপে ব্যৱহাৰৱ কৰা হয় এনেধৰণৰ একোডাল মজবুত কল গছৰ খুটা ১০ পৰা ১৫ দিন পৰ্য্যন্ত নেগেলাকৈ থাকে বাৰিষাৰ সময়ত গৰু-মহৰ ঘাঁহৰ নাটনি হয় তেনে সংকট সময়ত কলগছ সৰু সৰুকৈ কাটি গৰু-হক খোৱায় বানপানীৰ সময়ত কলগছৰ ভূঁ সাজি বান প্ৰীৰিতই পানীত চলাচল কৰা আমি সকলোৱে দেখিছো  
কলপুলি- কলপুলি পচলা হিচাপে খোৱাৰ ওপৰিও বিভিন্ন মাংগলিক কাম কাজত ব্যৱহাৰ কৰা হয় পদুলিৰ মুখত দুফালে দুটা কলপুলি পুতি বিয়া সবাহত অতিথিক আদৰণি জনাৱাটো অসমীয়া সমাজৰ নিয়ম তাৰোপৰি বিহু, পূজা-পাৱন, দহা-কাজ আদি সকলোতে কলপুলিৰ গুৰুত্ব আমি সকলোৱে দেখিছো
কলপাত- কল ডোঙৰ দৰে কলপাত খোৱাৰ থালিৰ বিকল্প হিচাপে ব্যৱহাৰ হয় সকাম-নিকামত, পূজা-পাৱন আদিত প্ৰসাদ খাবলৈ কলপাত ব্যৱহাৰ কৰা হয় কৃত্ৰিম ভাৱে তৈয়াৰ কৰা খোৱা থালি যি দৰে পৰিৱেশৰ অপকাৰী ঠিক তেনেকৈ স্বাথ্যৰ পক্ষেও হানিকাৰক এনে ক্ষেত্ৰত কলপাত ব্যৱহাৰ কৰিব পাৰি আজি কালি ডাঙৰ ডাঙৰ হোটেল ৰেষ্টোৰাতো খোৱাৰ থালিৰ ওপৰত কলপাত পাৰি দিয়া দেখা যায় গ্ৰাহকেও খাই ভাল পায় দক্ষিণ ভাৰতীয় প্ৰায়বোৰ হোটেলত কলপাত ব্যৱহাৰ কৰা দেখা যায় গছত শুকাই যোৱা কলপাতৰ ঠাৰি ছাই কৰি খাৰ প্ৰস্তুত কৰা দেখা যায়  গাৱঁৰ দুখীয়া লোকসকলে বিয়া সভাহত ৰভা বনাওঁতে তিউপাল বা টিনৰ পৰিৰ্ৱতে কেচাঁ কলপাত ব্যৱহাৰ কৰে সোণোৱাল কছাৰী সকলৰ পৰম্পৰা বহুৱা নৃত্যৰ বাবে বহুৱা সজাওঁতে কেঁচা কল পাত ব্যৱহাৰ কৰে শুকান কল পাতৰ মাজৰ ঠাৰি ডাল ঢাৰি বনাবলৈও ব্যৱহাৰ কৰা দেখা যায় আগৰ দিনত গাঁৱৰ স্কুললৈ যাওঁতে কলৰ ঠাৰিৰ পৰা বনোৱা বহা ঢাৰি লৈ যোৱাটো স্বাভাৱিক আছিল  

ঔষধ হিচাপে ভীমকল -
কৃমি-নাশকঃ কলপাতৰ বগা উপৰি পৃষ্ঠ মম জাতীয় পৰ্দাথ থাকে এই মম জাতীয় পৰ্দাথবিধ কৃমিনাশক কলপাতত গৰম ভাত ১৫ পৰা ২০ মিনিট সময় বান্ধি ৰাখি কৃমিৰ দ্বাৰা আক্ৰান্ত ৰোগীক খাবলৈ দিলে ৰোগী আৰোগ্য হয় ইয়াৰ বাহিৰেও, - মাহ মান বয়সৰ কল পুলি এটা মাটিৰ পৰা ডেৰফুট মান ওপৰত কাটি মূঢ়াটোৰ পৰা ভিতৰৰ কোঁহটো উঠাই লাগে কোঁহ এৰোৱাই সৃষ্টি হোৱা বিন্ধাটো একেজোপা গছৰে কলপাত এখনেৰে ৰাতিটো বাহিৰৰ পৰা কোনো ধৰণৰ অপৰ্দাথ সোমাব নোৱাৰাকৈ বান্ধি ৰাখিব লাগে পুৱা বিন্ধাটোত জমা হোৱা পানী সংগ্ৰহ কৰি আধা কাপ দিনে দুবাৰকৈ তিনি দিন খালে শৌচাদ্বাৰেদি পেলু ওলাই আহে
গৰ্ভধাৰণঃ গৰ্ভধাৰণ নোহোৱাটো কেৱল পাৰিবাৰিক সমস্যাই নহয়, সামাজিক, মানসিক আৰু পৰিয়ালৰ বাবে অশান্তি কাৰকো বহুতো লাকে ভীমকলৰ পৰা তৈয়াৰী ঔষধ খাইয়ো সন্তানৰ মূখ দেখাৰ সম্ভৱ হৈছে এনে ক্ষেত্ৰত কলডিল নোহোৱা পৈণত কলগছ এডাল মাটিৰ পৰা এফুট মান ওপৰত কাটিব লাগে কটা মূঢ়়া টোৰ পৰা মাজৰ কোঁহিটো উলিয়াই এটা বিন্ধা সৃষ্টি কৰিব লাগে একে জোপা গছৰে পাত এখিলাই কোনো ধৰণৰ বাহিৰা পৰ্দাথ সোমাব নোৱাৰাকৈ বিন্ধাটো ভালদৰে বান্ধি থব লাগে পুৱা বিন্ধাটোত জমা হোৱা পানীখিনি সংগ্ৰহ কৰিব লাগে এইদৰে সংগ্ৰহ কৰা পানী খিনিত -১০ টা মান গংগাতুলসী (Hyptis suaveolens) গুটি এঘন্টা সময় তিয়াই ৰাখিব লাগে এই মিশ্ৰণ পুৱা খালী পেটত তিনি দিন তিনি জোপা বেলেগ বেলেগ গছৰ পৰা খালে তিৰোতাৰ গৰ্ভাধাৰণ পৰা ক্ষমতা লাভ কৰে
গাঁঠি বিষঃ গাঁঠি বিষ লে কলৰ পোৰা বাকলিৰ ছাই আৰু লা হালধীৰ (Curcuma caesia Roxb.) সম পৰিমাণে লৈ তৈয়াৰী মিশ্ৰণ বিষ হোৱা অংশত লগালে বিষ ভাল হয়
গ্ৰহনীঃ পকা ভীমকল এটা কাটি ইয়াৰ আধা অংশ এক লিটাৰ পানীত ৰাতিটো তিয়াই ৰাখি পুৱা খালী পেটত চাৰি দিন খালে গ্ৰহণী ভাল হয়
ৰাসায়নিক ধৰ্ম-
কল গছৰ অপ্ৰকৃত কাণ্ডটো প্ৰায় ৯৫ % পানীৰে ভৰা ২৫ কি.গ্ৰা. কেঁচা অপ্ৰকৃত কাণ্ড শুকুৱালে মাত্ৰ . কি.গ্ৰা. হে শুষ্ক অৱশিষ্ট পোৱা যায় এই অৱশিষ্ট জ্বলালে মাত্ৰ ১৯০ গ্ৰাম মানহে ছাই পোৱা যায় এই ছাইৰ মূখ্য উপাদান হল টাছিয়াম(K) আৰু কাৰ্বনেট(CO3) ইয়াত টাছিয়াম ১৯.৪০ % আৰু কাৰ্বনেট ১৩. % পোৱা যায় কল গছৰ পৰা তৈয়াৰ কৰা খাৰৰ ক্ষাৰকীয় ধৰ্ম অতি বেছি ক্ষাৰকৰ সৰ্বোচ্চ পৰিমাপ pH 14 ভিতৰত pH 13 য়েই কলখাৰত থাকে কলখাৰত যথেষ্ট লৱণ থাকে আমাৰ দৈনন্দিন খাদ্যৰ তালিকাত লৱণ অপৰিহায্য আমি ব্যৱহাৰ কৰা লৱণৰ বৈজ্ঞানিক নাম ডিয়াম ক্লৰাইড (NaCl2) বুলি জনাজাত হৃদ আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগীৰ বাবে এই লৱণ ক্ষতিকাৰক কিন্ত কলখাৰত পোৱা লৱণ ডিয়াম ক্লৰাইড নহয় টাছিয়াম ক্লৰাইড (KCl2) এই বিধ লৱণ এনেধৰণৰ ৰোগীৰ বাবে উপকাৰী কম ডিয়ামযুক্ত আৰু বেছি টাছিয়ামযুক্ত কলখাৰৰ ব্যৱহাৰৰ উপকাৰিতা নুই কৰিব নোৱাৰি .% ডিয়াম ক্লৰাইডৰ বিপৰিতে ৪৬% টাছিয়াম থকা কলখাৰ নিসন্দেহে এনেধৰণৰ ৰোগীৰ বাবে উপকাৰী লক্ষ্যণীয় যে ৫০০ মি.লি. কলখাৰৰ বাষ্পীয়কৰণ কৰিলে ১১ গ্ৰাম টাছিয়াম ক্লৰাইডj লৱণ পোৱা যায় তাৰোপৰি অতি কম মাত্ৰাত থকা মৌল এলুমিনিয়াম (Al), কেডমিয়াম (Cd), ক্ৰমিয়াম(Cr), কপাৰ(Cu) আৰু আইৰণে (Fe) আমাৰ দেহত যথেষ্ট সহায় কৰে আমাৰ দেহৰ চালিকা শক্তি উত্পাদনৰ বাবে মূখ্য ভূমিকা পালন কৰা উত্সেচক(enzyme) সমূহৰ লগত সহ-উত্সেচক (co-factor)হিচাপে সঙ্গ দি দেহৰ pH মাত্ৰা সন্তোলিত কৰি ৰাখে,  স্নায়ু সমূহৰ সংকেত প্ৰৱাহৰ কাৰ্য্য ক্ষমতা সন্তোলন কৰে, পেশীৰ সংকোচন-প্ৰসাৰণত সহায় কৰে, দেহৰ কলা-কোষ সমূহৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ উপৰিও সিহঁতৰ গঠন আৰু কাৰ্য্যক্ষম কৰি তোলাত সহায় কৰে অতি গুৰুত্বৰ্পূণ কথা যে মানুহৰ দেহৰ বাবে ভয়ঙ্কৰ পৰ্দাথ হিচাপে জনাজাত আৰ্চেনিক (As) আৰু লেড (Pb) .০১ ppm তকৈ কম থাকে  এই পৰিমাণ ক্ষতিকাৰক পৰিমানতকৈ যথেষ্ট কম

ওপৰত উল্লেখ কৰা বোৰৰ ওপৰিও ঠাই বিশেষে ভীম কলৰ আৰু বহুতো ব্যৱহাৰৰ দিশ দেখা যায় ঘতিকে ভীমকল এনে এবিধ দৰকাৰী উদ্ভিদ যি মানুহৰ প্ৰতিটো কামতে ব্যৱহাৰ হয় এসময়ত গাওঁবোৰৰ বাৰীৰ চোকে কোণে ঠাহ খাই থকা ভীমকল আজিকালি অৱহেলিত হৈ কমি আহিছে বিশ্বায়নৰ প্ৰভাৱত আমি নিজৰ মাটিত গজা মূল্যৱান সৰ্বগুণী গছজোপাৰ প্ৰতি আওকাণ কৰিছোঁ গোটেই বিশ্বত ইতিমধ্যে খাদ্য অভাৱে দেখা দিছে পশ্চিমীয়া দেশসমূহত ভৱিষ্যতে পৰা খাদ্য সংকটৰ পৰা সকাহ পাবলৈ নতুন নতুন খাদ্যৰ সন্ধান কৰা দেখা গৈছে অলপতে এটা টি.ভি. চেনেলত দেখা গৈছিল বিভিন্ন পোক পৰ্ত্যংগৰ ভোজন, সেইবোৰৰ পেকিং আৰু বাৰ্ণিজ্য গতিকে আমাৰ এই মাটিত খুউৱ সহজতে হোৱা এই মূল্যৱান অতি উপকাৰী গছজোপা সকলোৰে বাৰীত ৰুই থলে কিনো অসুবিধা ! ৰে আলি কাষে কাষে, ঘাইপথৰ কাষৰ অসংখ্য খালি ঠাই আছে, সেইবোৰত কল গছ ৰুই লাভৱান হোৱাৰ উপৰিও পাৰিপাৰ্শ্বিকতা সন্তোলিত কৰি ৰাখিব ইয়াৰ উপৰিও অতি সোনকালে অনুৰ্ব্বৰ মাটিৰ পচন ঘটাই মাটি সাৰুৱা কৰে শৰীৰত সকলো ধৰণৰ পুষ্টি যোগোৱা ভীমকলৰ ব্যৱহাৰ কৰিবলৈ আমি সকলোৱে শিকা উচিত বাতৰি কাতত পঢ়িবলৈ পাইছো অসমৰ কেইজন মান উদ্যোগী ব্যক্তিয়ে ভীম কলৰ পৰা শিশু পুষ্টিকৰ খাদ্য ভীমভিটা আৰু ভীমশক্তি তৈয়াৰ কৰিছে এই ভীমভিটা আৰু ভীমশক্তি বজাৰত কদৰ বাহিছে কিন্তু চাহিদা অনুসৰি উত্পাদন তেনেই কম লগতে পৰ্য্যাপ্ত পৰিমাণে কেচাঁমাল নথকা হেতু গ্ৰাহকৰ প্ৰয়োজন অনুসৰি অভাৱ পূৰণ কৰিব পৰা হোৱা নাই গতিকে কোনো মূলধন নোহোৱাকৈ কৰিব পৰা ভীমকলৰ খেতি কৰি স্বাভলম্বী পৰা প্ৰচুৰ সম্ভৱনা আছে

প্ৰাকৃতিক ৰবৰ খেতি আৰু অৰ্থনৈতিক গুৰুত্ব

                                               জয়ন্ত সোণোৱাল
                                (ইতিমধ্য "নক্সা"ৰ বিজ্ঞান বিশেষ সংখ্যাত প্ৰকাশিত)

মানৱ সভ্যতাৰ বিকাশ আৰু অগ্ৰতিত ৰবৰ নামৰ সম্পদ বিধৰ অৰিহনা অতি গুৰুত্বৰ্পূণ
ৰবৰ গছৰ পুলি
। এই সম্পবিধৰ পৰা কেৱল গাড়ী-মটৰত ব্যৱহাৰ কৰা টিউৱ-টায়াৰে নহয়, বেলুন, চিকিত্সা বিজ্ঞানত ব্যৱহৃত অস্তোপচাৰৰ সা-সজুলিকে ধৰি বহুতো দৰকাৰী বস্তু তৈয়াৰ কৰা হয় । পিছে এই ৰবৰনো কি, কত আৰু  কেনেকৈ প্ৰস্তত কৰা হয় তাৰ বিষয়ে অলপ জনাৰ চেষ্টা কৰো আহক ।
ৰবৰ প্ৰধানত দুই প্ৰকাৰৰ । এবিধ প্ৰাকৃতিক ৰবৰ আৰু আনবিধ কৃত্ৰিম (Natural rubber) বা সংশ্লেষিত ৰবৰ (Synthetic rubber) প্ৰাকৃতিক ৰবৰ হল ৰবৰৰ গছৰ পৰা আহৰণ কৰা আইছপ্ৰিন (Isoprene) নামৰ ৰাসায়নিক পৰ্দাথ বিধৰ এটা দৃঢ় ৰুপ । এই পৰ্দাথবিধৰ স্তিতিস্থাপক(Elasticity), বিদ্যুতৰ অপৰিবাহী আৰু যথেষ্ট তাপ সহনশীল গুণ থকা কাৰণে তেনেধৰণৰ দৰকাৰী সামগ্ৰী উত্পাদনত ব্যৱহাৰ কৰা হয় । আনহাতে কৃত্ৰিম বা সংশ্লেষিত ৰবৰ পেট্ৰলিয়াম জাত দ্ৰৱ্যৰ পৰা বিভিন্ন ধৰণৰ একযোগী (Monomer) যৌগৰ পৰা বহুযোগীকৰণ (Polymerization) পক্ৰিয়াৰে তৈয়াৰ কৰা প্ৰাকৃতিক ৰবৰৰ সম-পৰ্য্যায়ৰ গুণসমপ্ন এবিধ ৰাসায়নিক পৰ্দাথ যাক প্ৰাকৃতিক ৰবৰৰ দৰে ব্যৱহাৰ কৰা হয় । অৱশ্যে কৃত্ৰিম ৰবৰৰ প্ৰাকৃতিক ৰবৰৰ দৰে তাপ সহিষ্ণ ক্ষমতা তুলনামূলক ভাৱে কম সেয়েহে ইয়াৰ ব্যৱহাৰো সীমিতবিশ্বৰ বৃহত প্ৰভাৱশালী দেশ যেনে আমেৰিকা, জাপান, চীন, ৰাছিয়া আদি দেশসমূহে বছৰি বৃহত পৰিমাণৰ কৃত্ৰিম ৰবৰৰ উত্পাদন কৰে । ভাৰততো চাৰিটা কৃত্ৰিম ৰবৰ উত্পাদন কেন্দ্ৰ আছে । কৃত্ৰিম ৰবৰ উত্পাদন কৰোতে যথেষ্ট পৰিমানে পৰিৱেশনাশী প্ৰদূষক উত্পন্ন হয় কিন্তু প্ৰাকৃতিক ৰবৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত । প্ৰাকৃতিক ৰবৰৰ উত্পাদনত পৰিৱেশনাশী প্ৰদূষকৰ বিপৰীতে বাযুমণ্ডলৰ ৰ্কাবন-ডাই অক্সাইড শোষণ কৰি পৰিৱেশৰ উপকাৰ কৰে । প্ৰাকৃতিক ৰবৰৰ ব্যৱহাৰ কৃত্ৰিম ৰবৰতকৈ প্ৰায় এশ বছৰ পুৰণি ।
যি কি নহওক, এতিয়া প্ৰাকৃতিক ৰবৰৰ ক্ষেত্ৰ খনৰ সৈতে অলপ চিনাকি হঁও আহক ।
পৃথিৱীৰ বুকুত মানুহৰ প্ৰয়োজনীয় সকলো সমল সৃষ্টিকৰ্তাই দি গৈছে । সেইবোৰক বিছাৰি মানুহৰ কৌতুহলী মনে নিত্য প্ৰয়োজনীয় সামগ্ৰী প্ৰকৃতিৰ বুকুত অতীতৰে পৰা আজিও সন্ধান কৰি আছে আৰু আগলৈও কৰি থাকিব । ঠিক এনে এক অনুসন্ধানৰ ফলশ্ৰুতিতেই এদিন দক্ষিণ আমেৰিকাত প্ৰাকৃতিক ৰবৰৰ আৱিষ্কাৰ হৈছিল । ১৭৩৬ চনত এই প্ৰাকৃতিক ৰবৰৰ ব্যৱহাৰিক ধৰ্মৰ (Property)বিষয়ে পোনপ্ৰথম বাৰৰ বাবে দক্ষিণ আমেৰিকাত চাৰ্লচ্ মেৰি ডি. লা. কন্ডামিনে (CharlesMariedeLaCondamine) পৰিচয় কৰাইছিল । ইয়াৰ পাছত তেখেতে বিভিন্ন কৰ্মশালা বা সভা-সমিতিৰ যোগেদি ৰবৰৰ বিভিন্ন ধৰ্মৰ বিষয়ে প্ৰচাৰ চলাইছিল । শেষলৈ দক্ষিণ আফ্ৰিকাৰ ব্ৰাজিল প্ৰাকৃতিক ৰবৰৰ ব্যৱসায়ৰকেন্দ্ৰ হৈ পৰিছিল আৰু এখন সুৰক্ষিত বজাৰ হিচাপে গঢ়ি উঠিছিল তাৰ্পয্যপূণ যে অতি কৌশলগতভাৱেৰবৰৰ বজাৰখন দক্ষিণ আফ্ৰিকাৰ ব্ৰাজিলতে সীমাবদ্ধ কৰি ৰখা হৈছিল । সেই সময়ত বিশ্বত ব্ৰাজিলেই আছিল প্ৰাকৃতিক ৰবৰৰ উত্সস্থলী কিন্তু ১৮৭৬ চনত হেনৰি উইখামে(Henry Wickham) ব্ৰাজিলৰ পৰা ৭০,০০০ ৰবৰৰ গুটি গোপনে কঢ়িয়াই ইংলেণ্ডৰ কিউ উদ্ভিদ উদ্যানত(Kew Botanical Garden) ৰোপণ কৰিছিল । পিছে ইমানবোৰ গুটিৰ ভিতৰত মাত্ৰ ২৪০০ হে অঙ্কুৰণ হয় আৰু পিছত সেই গুটিসমূহ ভাৰত, শ্ৰীলংকা, ইণ্ডোনেছিয়া, ছিংগাপূৰ, মালেয়েছিয়াআদি ৰবৰ খেতিৰ বাবে উপযোগী দেশসমূহলৈ ৰোপণৰ বাবে যোগান ধৰিছিল সেয়াই আছিল প্ৰাকৃতিক ৰবৰৰ বিশ্বজুৰি বিস্তাৰণৰ ইতিহাস ।
১৮৭৩ চনত ভাৰতত বৃটিছসকলে পোনপ্ৰথমে ৰবৰ খেতি বাণিজ্যিকভাৱে কলিকতাৰ উদ্ভিদ উদ্যানত কৰিছিল । পিছে সকলো ৰবৰ উত্পাদিত গছৰ পৰা বাণিজ্যিকভাৱে লাভাম্বিত হোৱাকৈ ৰবৰ আহৰণ কৰিব পৰা নগৈছিল পিছলৈ হিভিয়া (Hevea brasiliensis)নামৰ জাত বিধৰ পৰা সংকৰণ কৰি বিভিন্ন ধৰণৰ সঁচ(variety) আৱিষ্কাৰ কৰে । এইদৰে সংকৰণ কৰি উলিউৱা সঁচৰ পৰাহে প্ৰকৃত অৰ্থনৈতিক গুৰুত্ব থকা ৰবৰ পেৱা যায় । ভাৰতত আধুনিক পদ্ধতিৰে বাণিজ্যিকভাৱে ৰবৰখেতি পোনপ্ৰথম বাৰৰ বাবে ১৯০২ চনত কেৰালাৰ থাট্টেকাদু (Thattekadu)নামৰ ঠাইটুকুৰাত কৰিছিল । এইয়েই আছিল ভাৰতত ৰবৰ খেতিৰ জয়যাত্ৰাৰ পাতনি ।
ভাৰতত ৰবৰ খেতিৰ বিস্তাৰ
সম্প্ৰতি সমগ্ৰ বিশ্বত প্ৰায় ১২ খনমান দেশতহে ৰবৰ খেতি কৰাৰ উপযোগী বাতাবৰণ আছেপ্ৰাকৃতিক ৰবৰ বা প্ৰাকৃতিক ৰবৰৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বাবে সমগ্ৰ বিশ্বই এই কেইখন দেশৰ ওপৰতে ৰ্নিভৰ কৰে । ইয়াৰ ভিতৰত ভাৰত এখন অন্যতম ৰাষ্টবিশ্বৰ প্ৰাকৃতিক ৰবৰ উতপাদনকাৰী দেশসমূহৰ ভিতৰত থাইলেণ্ড, ইণ্ডোনেছীয়া, ভিয়েটনাম, চীন, ভাৰত, মালয়েচিয়া, শ্ৰীলংকা, ফিলিপাইনচ্ আৰু কেম্বডিয়া উল্লেখযোগ্য । ক্ষেত্ৰীয় পৰিসৰৰ ফালৰ পৰা ভাৰতৰ স্থান ষষ্ঠ, পৈণত ৰবৰ ৰোপণ বাগিচাৰ পৰিসৰৰ ক্ষেত্ৰত পঞ্চম, প্ৰতি একক আয়তনৰ উত্পাদনৰ ক্ষেত্ৰত প্ৰথম, সৰ্বমূঠ উত্পাদনৰ ফালৰ পৰা পঞ্চম আৰু ব্যৱহাৰিক দিশৰ পৰা দ্বিতীয়২০১৩ চনলৈ ভাৰতত মুঠ ৭৭৮০০০ হেক্টৰ ৰবৰ খেতিৰ ভিতৰত ৫১৮০০০ হেক্টৰ পৈণত ৰবৰ খেতিৰ পৰা ৮৪৮৫০০টন ৰবৰ উত্পাদন কৰা হৈছে ।
প্ৰাকৃতিক ৰবৰৰ উত্পাদনৰ আৰু ব্যৱহাৰৰ দিশত যদিও ভাৰতে উল্লেখযোগ্য স্থান অধিকাৰ কৰি আহিছে সেইবুলি ভাৰতৰ সকলো ঠাইতে ৰবৰ খেতিৰ বাবে উপযোগীকৈ মাটি বা বাতাৱৰণ নাই । ভাৰতৰ উল্লেখযোগ্য ৰবৰ উত্পাদিত অঞ্চলসমূহৰ ভিতৰত পৰম্পৰাগতভাৱে কেৰালা আৰু তামিলনাডুৰ কেৱল কন্যাকুমাৰী জিলাত বহুলভাৱে কৰা হয় । কেৰেলাই প্ৰায় ৫৩৯৫৬৫ হেক্টৰ মাটিত ৰবৰ খেতি কৰি ভাৰতত প্ৰথম স্থানেৰে মুঠ ৮৭.৫ শতাংশ প্ৰাকৃতিক ৰবৰৰ বৰঙণি যোগাই আহিছে । কেৰালাৰ অৰ্থনীতিত ৰবৰ খেতি আৰু ৰবৰ ভিত্তিক উদ্যোগসমূহেগুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিছে । ভাৰতৰ উন্নত ৰাজ্য কেৰেলাৰ অৰ্থনীতি টনাকিয়াল হোৱাতো প্ৰাকৃতিক ৰবৰৰ অৰিহনা উল্লেখযোগ্য ।
ইয়াৰ পিছতেই উত্তৰ পূৰ্ৱাঞ্চলৰ আটাই কেইখন ৰাজ্যত কম-বেছি পৰিমানে ৰবৰ খেতি কৰিব পৰাকৈ উপযোগী মাটি আৰু পৰিৱেশ আছে । উত্তৰ পূৰ্ৱাঞ্চলৰ বৰ্ত্তমানলৈ ১৩০০০০ হেক্টৰ মাটিত ৰবৰ খেতি কৰা হৈছে । ত্ৰিপূৰাই বৰ্ত্তমান প্ৰায় ৬৫০০০ হেক্টৰ মাটিত ৰবৰ খেতি কৰি ভাৰতৰ ভিতৰত দ্বিতীয় স্থানেৰে দেশৰ ৰ্অথনীতিত যথেষ্ট অৰিহনা আগবঢ়াই আহিছে ত্ৰিপূৰাত অতি দ্ৰুত গতিত ৰবৰৰ খেতি বিস্তাৰণ কৰি বৰ্ত্তমান প্ৰায সংপৃত্ত অৱস্থাত উপনীত হৈছে । প্ৰাকৃতিক ৰবৰ খেতি প্ৰচাৰ আৰু সম্প্ৰসাৰণ ভাৰত চৰকাৰৰ সংস্থা ৰবৰ বৰ্ডৰ লগতে ত্ৰিপূৰাৰ ৰাজ্য চৰকাৰেও ত্ৰিপূৰাৰ ৰবৰ খেতিয়ক সকলক যথেষ্ট সহায়ৰ হাত আগবঢ়াই আহিছে । ইয়াৰ পাছত অসমৰ কথা কব পাৰি । অসমৰ ৰবৰ খেতিৰ ইতিহাস বহু পূৰণি । ভাৰতত প্ৰাকৃতিক ৰবৰ সন্ধান পোনপ্ৰথম বাৰৰ বাবে অসমৰ মাটিতেই পোৱা গৈছিল বুলি বহুলোকে কব খোজে । তথাপি অসমত ৰবৰ খেতিৰ প্ৰসাৰ আৰু প্ৰচাৰ তেনেই পুতৌজনক । অসমত দুই লাখ হেক্টৰতকৈ অধিক মাটিত ৰবৰ খেতিৰ বাবে উপযোগী বুলি চিনাক্ত কৰা হৈছে যদিও বৰ্ত্তমানলৈ প্ৰায় ৪০,০০০ হেক্টৰ মান মাটিতহে ৰবৰ খেতি কৰা হৈছে আৰুবছৰি প্ৰায় ১১,৭৪০ টন ৰবৰহে উতপাদন কৰিবলৈ সক্ষম হৈছেইয়াৰ ভিতৰত আটাইকেইখন পাৰ্বত্য জিলাতে কম – বেছি পৰিমানে ৰবৰ খেতিৰ বাবে উপযোগী মাটি আছে বৰ্ত্তমান  অসমৰ গোৱালপাৰা, কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঋাৰ জিলাৰ উপৰিও শোণিতপূৰ, লক্ষীমপূৰ, ধেমাজি, কাছাৰ, হাইলাকান্দি, নগাঁও, ডিমা হাছাও, তিনিচুকীয়া আদিজিলাৰ কিছু কিছু অংশত ৰবৰ খেতিৰ বাবে উপযেগী বাতাৱৰণ আছে বুলি বিবেচিত হৈছে ইয়াৰ ভিতৰত গোৱালপাৰা, কাৰ্বি আংলং, কৰিমগঞ্জ আৰু কোকৰাঝাৰ জিলাত দ্ৰুত গতিত ৰবৰ খেতিৰ সম্প্ৰসাৰণ হৈছে । বৰ্ত্তমান প্ৰায় ৪০,০০০ হেক্টৰ মাটিত ৰবৰ খেতিৰ কৰি অসমে ভাৰতৰ ভিতৰত চৰ্তুথ স্থান দখল কৰিছে ।
ৰবৰ খেতিৰ বাবে স্থানৰ নিৰ্বাচন আৰু ৰোপণ পদ্ধতি
ৰবৰ খেতি যি কোনো মাটিতে কৰিব পৰা নাযায় । সেইবাবে ৰবৰ খেতিৰ কৰাৰ আগতে মাটিখিনি ৰবৰ খেতিৰ বাবে উপযোগী হয় নে নহয় তাক চোৱাটো নিতান্তই প্ৰয়োজন । প্ৰথমতে ৰবৰ খেতি কৰা মাটি খিনি সাগৰ পৃষ্ঠৰ পৰা ৪৫০ মিটাৰ (প্ৰায় ১৫০০ ফুট) ভিতৰত হব লাগে । প্ৰায় ২১ - ৩৮ ডিগ্ৰী উষ্ণতাৰ ওচৰে পাজৰে তাপমাত্ৰা থাকিলে অতি ভাল । মাটিখিনিত পানী জমা হব নালাগে । পাহাৰৰ এঢলীয়া মাটি বা ৪৫ ডিগ্ৰী ঢালতকৈ কম ঢাল থকা মাটি নিৰ্বাচন কৰিব লাগে । বেছি বালিচহীয়া বা নদীৰ পাৰৰ বালিচহীয়া মাটি ৰবৰ খেতিৰ বাবে নিৰ্বাচন নকৰাটোৱে ভাল ।পানী জমা নোহোৱা সমতল মাটিতো ৰবৰ খেতি কৰিব পাৰি । কিন্তু এইটো দৰকাৰী যে ৰবৰৰ শিপাৰ পৰা ভূগহ্বৰষ্ঠপানীৰ ব্যৱধান এক মিটাৰ হব লাগে । ইয়াৰ উপৰিও বাৰ্ষিক গড় বৰষুণ পৰিমান ২০০ ছে.মি. হব লাগে । জলবায়ুৰ আৰ্দ্ৰতা প্ৰায় ৮০ হলে বৃদ্ধি আৰু বিকাশত সহায়ক বয় ।
যিহেতু, ভৱিষ্যত অৰ্থনৈতিক লাভৰ বাবে ৰবৰ খেতি কৰা হয় গতিকে ৰবৰ খেতি অন্য খেতিৰ দৰে জধে-মধে কৰা খেতি নহবৰবৰ খেতি কৰাৰ আগতে উপযুক্ত প্ৰশিক্ষণ লৈ দৰকাৰী দিশবোৰ শিকি লোৱাটো অতন্ত্য জৰুৰী কিয়নো এই খেতিয়ে ২৫ ৰ পৰা ৪০ বছৰ পৰ্য্যন্ত আয় দিয়ে মাটিৰ ঢাল বা অৱয়ৱ পৰত ভিত্তি কৰি ৰবৰ গছ লগাবলগীয়া মাটিখিনি তৈয়াৰ কৰিব লাগে । প্ৰথমতে নিৰ্বাচিত মাটিখিনি দুমাহ মান আগতে হাবি-জঙ্ঘলবোৰ কাটি পৰিস্কাৰ কৰি ৰাখিব লাগে । তাৰ পিছত মাটিৰ অৱস্থিতি অনুযায়ী নিৰ্দিষ্ট দূৰত্বত শাৰী শাৰীকৈ গাঁত খান্দিব লাগে । সমতল ঠাইত ৰ্বগ আকাৰত ১৫ x ১৫ বা ১৬ x ১৬ ফুট দূৰত্বত ২.৫ x২.৫x২.৫ ঘনফুট আকাৰত এমাহমান আগতে গাঁত খানি ৰাখিব লাগে । গাঁত খান্দোতে আধাফুট তললৈ পোৱা মাটিবোৰ ভালদৰে একাষে ৰাখিব লাগে যাতে গাঁতটো পূনৰ ভৰ্তি কৰোঁতে এই ওপৰৰ মাটিখিনিৰে পুতিব পাৰি । কাৰণ এই ওপৰৰ মাটিত প্ৰাকৃতিকভাৱে জৈৱিক সাৰ উপলদ্ধ হৈ থাকে আৰু এই সাৰ ৰবৰ গছজোপাই ৰোপণ কৰাৰ পাছত ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ লগতে গাঁত ৰ্ভতি কৰোতে চাৰিওকাষৰ পৰা ওপৰৰ মাটিৰ চপাই ভৰাব লাগে যাতে গাঁতটো কেৱল জৈৱিক সাৰ থকা মাটিৰে ৰ্ভতি হয়এই কামখিনি কমেও ১৫ দিনমান আগতে কৰিব লাগে কিয়নো তেতিয়াহে গাঁতত মাটিখিনি ভালদৰে সংস্থাপন হব বা গাঁতৰ ভিতৰখন বায়ুশূন্য হব এইদৰে ১৫ x১৫ বা ১৬ x ১৬ ফুট দূৰত্বত গাঁত খান্দি ৰবৰ লগালে প্ৰতি হেক্টৰ (৭.৫ বিঘা) মাটিত যথাক্ৰমে ৪৭৯ আৰু ৪২০ জোপা গছ লগাব পাৰি ।
আনহাতে পাহাৰীয়া এঢলীয়া মাটিত শাৰীবোৰ কৰোতে অলপ পৃথক কৈ কৰা হয় । এনে মাটিত পাহাৰৰ ঢাল অনুসৰি কণ্ট শাৰী আৰু সমতল ক্ষেত্ৰ (contourline and terracing) পদ্ধতিৰে পুলি ৰোপণ কৰিবলগীয়া স্থান সমুহ নিৰ্ণয় কৰা হয় যাতে একেশাৰীৰ ৰবৰৰ পুলিবোৰৰ সাগৰপৃষ্ঠৰ উচ্চতা একে হয় এনে কৰিলে ৰবৰ গছবোৰৰ বৃদ্ধি সমান আকাৰৰ হোৱাৰ লগতে মাটি-সংৰক্ষণ, পানী আৰু প্ৰয়োজনীয় জৈৱিক উপাদানবোৰ মাটিৰ বিভিন্ন উচ্চতাত ধৰি ৰখাত সহায় কৰে । অৱশ্যে কণ্ট টেৰাছিং (contour terracing)  পুলি লগোৱাৰ সময়ত কৰিব নোৱাৰিলে এবছৰৰ ভিতৰত শেষ কৰিলেও হয় । এনেদৰেঢালৰ বিপৰীতে কৰা শাৰীবোৰৰ মাজৰ ব্যৱধান ২০ বা ২২ ফুট কৰিব লাগে । আকৌ একে শাৰীত লগাবলগীয়া ৰবৰৰ পুলিবোৰৰ মাজত ১০ বা ১১ ফুটৰ ব্যৱধানত লগাব লাগে । ২০ x ১০ ফুট ব্যৱধানত ৫৩৯ জোপা ৰবৰ আৰু ২২ x ১১ ফুট ব্যৱধানত ৪৪৫ জোপা ৰবৰ পুলি ৰোপণ কৰিব পাৰি । সূৰ্য্যৰ পোহৰ যাতে মাটিৰ উপৰিপৃষ্ঠৰ সকলো ঠাইতে সমানে পৰে তাৰ কাৰণে এনে ব্যৱধান কৰা হয় । গছবোৰ ডাঙৰ হোৱাৰ পাছত যদি সূৰ্য্যৰ পোহৰ মাটিৰ উপৰিপৃষ্ঠত নপৰে তেন্তে ভেঁকুৰজাতীয় ৰোগ হোৱাৰ সম্ভৱানা থাকে ।
অনুমোদিত ৰবৰৰ জাত
ৰবৰ খেতি কৰিবলৈ ওপৰত উল্লেখ কৰা দিশসমূহৰ পাছতেই অতি দৰকাৰী কামটো হৈছে
বিক্ৰীৰ বাবে প্ৰস্তুত কৰী ৰবৰ
সঠিক পুলি ৰ্নিবাচন কৰাটো । ৰোপণৰ সময়তে অনুমোদিত উন্নত মানৰ পুলি ৰোপণ নকৰিলে ভৱিষ্যতে আশানুৰূপ ফল পোৱা নাযায় । উৰ্ত্তৰ পূৰ্ৱাঞ্চলৰ বাবে ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মণ্ত্ৰালয়ৰ অধীনস্থ সংন্থা ৰবৰ বৰ্ডে কিছুমান জাত ৰ্নিবাচন কৰি দিছে । ইয়াৰ ভিতৰত
RRIM -600, RRII-105, GT-1 ৰ উল্লেখযোগ্য । RRIM -600 এইবিধ উত্তৰ পূৰ্ৱাঞ্চলৰ পৰিৱেশৰ লগত খাপ খায় আৰু উত্পাদনো সন্তোষজনক RRII-105 এইবিধৰ উত্পাদন RRIM -600 ত কৈ বেছি যদিও উত্তৰ পূৱাঞ্চলৰ পৰিৱেশৰ কৰণে বেছি উপযুক্ত নহয় । তথাপি দুয়োবিধ জাত একেলগে লগাব পাৰি ।GT-1  এই বিধৰ বতাহ ৰোধিব পৰা ক্ষমতা বেছি কিন্তু উত্পাদন বাকী দুবিধতকৈ কম তথাপি ওপৰৰ যিকোনো এবিধ বা আটাইকেইবিধ একেলগে ৰোপণ কৰিব পাৰিইয়াৰ উপৰিও আৰু বহু ধৰণৰ জাত আছে যি বোৰৰ উত্পাদন যথেষ্ট বেছি কিন্তু অন্য পাৰিপাশ্বিকতাৰ কাৰণত সকলো ঠাইতে কৰিলে বিশেষ লাভৱান নহয় ।
ৰবৰ পুলিৰ উত্স
ৰবৰ খেতি কৰোতে সঠিক পুলি ৰোপণ কৰাটো জৰুৰী কিয়নো ৰবৰ বাগানৰ আয় পুলিৰ ওপৰতে ৰ্নিভৰ কৰে । পিছে ৰবৰ পুলি অসমৰ সকলো ঠাইতে সহজলভ্য নহয় । অৱশ্যে বিস্তৰ ভাৱে ৰবৰ খেতি কৰা অঞ্চল সমূহত দুই এক ব্যক্তিগত পুলিবাৰী আছে । সুখৰ কথা যে ৰবৰ বৰ্ডৰ কেইবাখনো উন্নতমানৰ  পুলিবাৰী আছে । ইয়াৰবাবে অসমৰ বিভিন্ন ঠাইত থকা ৰবৰ বৰ্ডৰ কাৰিকৰী বিষয়াৰ পৰা পৰামৰ্শ লব পাৰে ।এইটো জনাটো অতি দৰকাৰী যে কিছুমান অসাধু লোকে খেতিয়কৰ মাজত মিছা প্ৰচাৰ চলাই নিম্নমানৰ পুলি যোগান ধৰি খেতিয়কক প্ৰৱঞ্চনা কৰি আহিছে খেতিয়ক সকলে এনেলোকৰ পৰা আতৰত থাকি ৰবৰ বৰ্ডৰ আঞ্চলিক বা বিভিন্ন ক্ষেত্ৰীয় কাৰ্য্যলয়ত থকা কাৰিকৰী বিষয়াৰ পৰা এইসমন্ধে পৰামৰ্শ লব পাৰে ।
ৰবৰ খেতিৰ উত্পাদন আৰু আয়
অন্য খেতিৰ দৰে এবছৰ বা দুবছৰত ৰবৰ খেতিৰ পৰা উত্পাদন পোৱা নাযায় । ৰবৰ খেতিৰ পৰা উত্পাদন পাবলৈ সাত বছৰলৈ অপেক্ষা কৰিব লগা হয় । অৱশ্যে কিছু ঠাইত ৫ বা ৬ বছৰতে উত্পাদন পাবলৈ সক্ষম হোৱাৰো উদাহৰণ আছে । কিন্তু মাটি, পৰিৱেশ বা লালন পালনত কৰা গাফিলতিৰ বাবে ৮ ৰ পৰা ৯ বছৰ পৰ্য্যন্ত্য অপেক্ষা কৰিব লগাও হয় ।
পৈণত হোৱাৰ পাছত বিষেশ পদ্ধতিৰে যাক টেপিং(tapping) বুলি কোৱা হয়, ৰবৰ গছৰ বহিঃস্তক আৰু কেম্বিয়ামৰ ওচৰলৈকে থকা তৰুক্ষীৰ নলীকা(latex vessels) বোৰৰ সাজোনৰ বিপৰীতে কাটি তৰুক্ষীৰ সমূহ আহৰণ কৰা হয় । ইয়াৰ বাবে উপযুক্ত প্ৰশিক্ষীত কৰ্মীৰ দৰকাৰ । কিয়নো এখন ৰবৰ বগানৰ উত্পাদন কাল কৌশলী টেপাৰৰ(skilled tapper) ওপৰত নিৰ্ভৰ কৰে । এই তৰুক্ষী (latex) সমূহৰ পৰাই বিশেষ পদ্ধতিৰে সুবিধাজনককৈ গঢ় দি বজাৰত বিক্ৰী কৰা হয় । ভালদৰে প্ৰস্তুত কৰা এই ৰবৰৰ সামগ্ৰী এবছৰলৈ ঘৰতে সংৰক্ষণ কৰি ৰাখিব পাৰি ।
ৰবৰ গছৰ উত্পাদনকাল ২৫ পৰা ৪০ বছৰ পৰ্যন্ত্য হয় অৰ্থাত্ এখন বৈজ্ঞানিক ভাৱে প্ৰতিস্থাপন কৰা ৰবৰ বাগানে দুটা প্ৰজন্মৰ কাৰণে জীৱিকা উপায় দিয়েঅৱশ্যে এই সকলোবোৰ নিৰ্ভৰ কৰে কৌশলী ৰ্কমীৰ ওপৰত ।
ঠাই, ৰবৰৰ জাত, পৰিৱেশ আদিৰ ওপৰত নিৰ্ভৰ কৰি ৰবৰ গছৰ উত্পাদনো ভিন্ন হয় । কেৰেলা, তমিলনাডু আদি ঠাইত প্ৰতি হেক্টৰত ৰ্বাষিক গড় উত্পাদন প্ৰায় ১৮২৩ কি.গ্ৰা. । উত্তৰ পূৰ্ৱাঞ্চলত প্ৰতি হেক্টৰত ৰ্বাষিক গড় উত্পাদন প্ৰায় ১৩৫০ কি.গ্ৰা. । কিন্তু অতি ৰ্পাগত টেপাৰৰ দ্বাৰা বহু খেতিয়কে ২০০০ ৰ পৰা ২৫০০ কি.গ্ৰা. পৰ্য্যন্ত পাবলৈ সক্ষম হৈছে ।
ৰবৰৰ বজাৰ আৰু ব্যৱহাৰ
ৰবৰৰ বজাৰখন প্ৰায় উঠা-নমা হৈ থাকে ।  এই বজাৰখন আন্তঃৰা্ষ্ট্ৰীয়মুদ্ৰানীতিৰ ওপৰতো নিৰ্ভৰ কৰে । যিহেতু ৰবৰৰ উত্পাদন (produces) সমূহ বেছি পৰিমানে টিউব-টায়াৰ উদ্যোগত ব্যৱহাৰ হয় গতিকে গাড়ী-মটৰ বিক্ৰীৰ ওপৰতো দাম নিৰ্ভৰ কৰে । ইয়াৰ ওপৰিও উৰাজাহাজৰ চকা ১০০% প্ৰাকৃতিক ৰবৰৰ দ্বাৰা তৈয়াৰ কৰা হয় । আমাৰ দৈনন্দিন জীৱনত প্ৰাকৃতিক ৰবৰৰ ব্যৱহাৰ অপৰিসীম জোতা, চেণ্ডেল, বেলুন, চিকিত্সা বিজ্ঞানৰ বহুতো সঁজুলি, আদিকে ধৰি প্ৰায় ৫০,০০০ ত কৈয়ো অধিক সাম্ৰগী প্ৰাকৃতিক ৰবৰৰ পৰা তৈয়াৰ কৰা হয় ।
ৰবৰ খেতি আৰু নিৱনুৱা সমস্যা দূৰীকৰণ
অসমৰ গোৱালপাৰা, কাৰ্বিআংলং আৰু কৰিমগঞ্জ জিলাত ইতিমধ্যে প্ৰাকৃতিক ৰবৰ খেতি যথেষ্ট জনপ্ৰিয় আৰু ৰবৰ খেতিয়ে কৃষকৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট টনাকিয়াল কৰি তুলিছে । তাৰোপৰি ধেমাজি জিলাৰ চিমেন চাপৰি, ডেকাপাম, টেলাম, লাইমেকুৰী, গোগামূখৰ দাতিকাষৰীয়া অঞ্চলকে ধৰি অসম-অৰুণাচল সীমান্তৰ কিছু ঠাইত ৰবৰ খেতিৰ পৰা আয় কৰিবলৈ সক্ষম হোৱাৰ লগতে বহুতো কৃষকে নতুনকৈ খেতি কৰিবলৈ আৰম্ভ কৰিছে । 
ৰবৰ খেতিয়ে এজন মানুহক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিব পাৰে । অসমত থকা উপযোগী মাটিবোৰত ৰবৰ খেতি কৰিব পাৰিলে অসমৰ নিৱনুৱা সমস্যা যথেষ্ট কমিব । যদি ৫০০ ডাল ৰবৰ গছ লগাব পাৰে তেন্তে তেখেতৰ মাহেকীয়া আয় প্ৰায় এজন ৰাজপত্ৰিত বিষয়াৰ সমান হব, ২৫০ ডাল গছ লগালে এজন বৰ কেৰাণীৰ সমান আয় হব, ১০০ ডাল গছ লগালে এজন টেট শিক্ষকৰ সমান হব৫০০ গছ লগাবলৈ ৭.৫ বিঘা, ২৫০ লগাবলৈ ৩.৫ বিঘা আৰু ১০০ লগাবৈ ১.৫ বিঘা মাটিৰ প্ৰয়োজন হয় । গতিকে ৰবৰ খেতিৰ বাবে উপযেগী মাটি থকা সকলে চৰকাৰী চাকৰি বিছাৰি সময় আৰু ধন অপচয় কৰাতকৈ ৰবৰ খেতি কৰি স্বাৱলম্বী হব পাৰে ।


প্ৰসঙ্গ পুথি-১)ৰবৰ খেতি, শ্ৰীযুত প্ৰনৱ চন্দ্ৰ গোস্বামী,
২)Rubber Grower’s Companion 2015,

৩)ৰবৰ সংবাদ, ৰ্মাচ ২০১৫