জয়ন্ত সোণোৱাল
(ইতিমধ্যে প্ৰান্তিকৰ জানুৱাৰী ১-১৫ সংখ্যাত প্ৰকাশিত)
ভীমকল
এবিধ প্ৰকাণ্ড শাক জাতীয় বহু বৰ্ষজীৱি উদ্ভিদ । ঠাই বিশেষে এজোপা ভীমকলৰ উচ্চতা প্ৰায় ১০ মিটাৰ পৰ্য্যন্ত ওখ হয় ।
ফল অধিক বীজযুক্ত যদিও পকিলে খাবলৈ মিঠা হয় ।
ফল প্ৰায় ২০ ছে. মি. দীঘল আৰু প্ৰায় ১০ ছে. মি. ব্যাসৰ তিনিসিৰযুক্ত ।
গা-গছ ডাল কিছুমান দীঘল অৱতলীয় পাতৰ দৰে বাকলিৰ দ্বাৰা গঠিত যাক “কলডোং” বুলি কয় ।
এই কলডোংবোৰ লগ লাগি অপ্ৰকৃত কাণ্ডৰ গঠন কৰে ।
পাতবোৰৰ ঠাৰি শকত আৰু শক্ৰিশালী ।
পাতৰ ৰং পাতল সেউজায়া, পাতৰ দৈৰ্ঘ্য ডেৰ পৰা আঢ়ৈ মিটাৰ পৰ্য্যন্ত দীঘল হয় আৰু বহলে আধা মিটাৰতকৈ বেছি । পাতৰ উপৰিপৃষ্ঠ মম জাতীয় পৰ্দাথৰে গঠিত ।
ভীমকল
বা আঠিয়া কল বুলি জানাজাত এই গছজোপাৰ বৈজ্ঞানিক নাম হ’ল
Musa
balbisiana
Colla । ভীমকলৰ বিষয়ে
১৮২০ চনত পোন প্ৰথমে ইটালিয়ান উদ্ভিদবিদ লুইগি এলয়ছিয়াছ কলাই (Luigi Aloysius Colla)বৈজ্ঞানিক দৃষ্টি ভঙ্গিৰে ব্যাখ্যা কৰিছিল ।
উদ্ভিদ বিজ্ঞানত ভীম বা আঠিয়া কলক একবীজপ্ৰত্ৰী সষ্পূক উদ্ভিদৰ মুজেছি (Musaceae) নামৰ গোত্ৰত ৰখা হৈছে ।
এই
বিধ গছ অসমৰ গ্ৰামাঞ্চলত প্ৰচুৰ পৰিমানে পোৱা যায় ।
গ্ৰাম্য জীৱনৰ দৈনন্দিন বিভিন্ন কাৰুকাৰ্য্যত ভীমকল আৰু ভীমকল গছৰ বিভিন্ন অংশৰ ব্যৱহাৰ অপৰিসীম । ভাৰতৰ বাহিৰেও চীন, ইণ্ডোনেচিয়া, মালেয়েচিয়া, ম্যানমাৰ, নেপাল, নিউ গুইনিয়া, ফিলিপাইনচ্, শ্ৰীলংকা আৰু থাইলেণ্ডত ভীমকল পোৱা যায় ।
এসময়ত বনৰীয়া হিচাপে পৰিত্যক্ত এই মূল্যবান ভীমকলৰ পৰাই বৰ্ত্তমান সময়ৰ বহুবিধ উন্নত জাতৰ কল সংকৰণ কৰি উলিয়াইছে ।
অসমৰ চহা গাৱলীয়া জীৱনশৈলীত ভীমকলৰ ফল আৰু গছৰ ব্যৱহাৰ অতি গুৰুত্বৰ্পূণ ।
ভীমকল ঘৰুৱা কাম কাজত ব্যৱহাৰ কৰা উপৰিও বিভিন্ন মাঙ্গলিক আৰু সামাজিক কৰ্মত বহুল ভাৱে ব্যৱহাৰ হয় । ফলৰ পৰা আৰম্ভ কৰি গা-গছ,
পাত, ফুল, কাণ্ড, শিপা আদি আটাইবোৰ অংশই ব্যৱহাৰ কৰা দেখা যায় । সাধাৰণ ব্যৱহাৰৰ ওপৰিও ঔষধ আৰু ঘৰুৱা সুৰা প্ৰস্তুতকৰণতো ভীম কল ব্যৱহাৰ কৰা হয় ।
কিন্তু বিশ্বায়নৰ প্ৰভাৱত এই অতি মূল্যৱান বহুগুণী গছজোপা দিনে দিনে অৱহেলিত হৈ কমি আহিবলৈ ধৰিছে ।
ভীমকলৰ সাধাৰণ ব্যৱহাৰ
কলখাৰ- কলখাৰ দি আঞ্জা খোৱা বাবে অতিথিপৰায়ণ অসমীয়া জাতিটোক খাৰখোৱা অসমীয়া বুলি কোৱা হয় ।
খাৰ অসমীয়া খাদ্যাভাসৰ এক অবিচ্ছেদ্য উপকৰণ । কলগছৰ বিভিন্ন অংশৰ পৰা নিজে ঘৰতে
খাৰ প্ৰস্তুত কৰিব পাৰি ।
কল খাৰ ফলৰ বাকলিৰ উপৰিও গা-গছৰ ডোং, শুকান পাত আৰু ঠাৰি, কলডিলৰ বাকলি, গছৰ মূঢ়া আদি শুকুৱাই লৈ জ্বলাই ছাই কৰি কলখাৰ প্ৰস্তুত কৰা হয় ।
এই কলখাৰ কেৱল খাদ্য উপকৰণ হিচাপে নহয়, কাপোৰ ধোৱা, মূৰ-চুলি ধোৱা আদি কামতো ব্যৱহাৰ কৰা
হয় ।
কলখাৰে এৰি কাপোৰ ধোলে উজ্বলতা বাঢ়ে, দেখিবলৈ ধুনীয়া আৰু ল’বলৈও
আৰাম হয় ।
বজাৰত বিভিন্ন ধৰণৰ চাবোন, চেম্পু আৰু মলি-মাৰ্জক সহজলভ্য হোৱাৰ লগে লগে গ্ৰাম্যাঞ্চলত বহুলভাৱে প্ৰচলিত কলখাৰৰ জনপ্ৰিয়তা আৰু ব্যৱহাৰ লাহে লাহে কমি আহিছে ।
কলপচলা- আঞ্জা হিচাপে খাবলৈ ব্যৱহাৰ কলৰ পুলিক পচলা বোলে । সেই কল পচলা অসমীয়া খাদ্যভাসৰ অতি জনপ্ৰিয় পাচলি । এসময়ত কেৱল গ্ৰাম্যাঞ্চলতে পাচলি
হিচাপে ব্যৱহাৰ কৰা কলপচলা আজিকালি নগৰ -মহানগৰৰ বজাৰতো দেখিবলৈ পোৱা যায় ।
কলপচলা কেৱল সাধাৰণ আঞ্জাই নহয়, কল পচলা খালে দেহত জমা হোৱা ইউৰিক এচিড্ কমাই ৰাখে ।
কলডিল- কলডিলৰ আঞ্জা
অতি সুৰুচিবোধক আৰু ঔষধি গুণযুক্ত ।
ভয়াম অঞ্চলত পোৱা কলডিলৰ ভিতৰত ভীমকলৰ কলডিলহে বেছিকৈ পাচলি হিচাপে ব্যৱহাৰ কৰা দেখা যায় ।
অৱশ্যে পাহাৰীয়া কলডিলৰো সমাদৰ যথেষ্ট ।
পাৰ মাংস আৰু কলডিলৰ আঞ্জা খাবলৈ জুতি লগা ।
কলডিলত খাদ্যপ্ৰাণ কেলছিয়াম আৰু
আইৰণ যথেষ্ট পৰিমাণে থাকে
। সেইবাবে
আইৰণ কমি যোৱা ৰোগীক
কলডিল খাবলৈ কোৱা হয় ।
ফল- ফল বা ভীমকল যদিও যথেষ্ট গুটিৰে ভৰপুৰ তথাপি খাবলৈ বৰ সোৱাদ ।এই ফল ফুল ফুলাৰ পৰা পকিবলৈ প্ৰায় ছমাহ সময় লাগে ।
পকা ভীম কল পুহ মাহত নিয়মীত খালে গাত ভীমৰ সমান বল হয় বুলি গাঁৱৰ মানুহৰ মুখে মুখে শুনা যায় ।
পিঠাগুৰিৰ সৈতে পকা ভীমকলৰ লগত তৈয়াৰ কৰা লাড়ু খাবলৈ বৰ ভাল ।
খেতিয়ক সকলক গৃহিনীয়ে পথাৰত ফিকা চাহৰ সৈতে ভীমকল আৰু পিঠাগুৰিৰ লাডু খাবলৈ প্ৰায়েই দিয়ে ।
এই লাডু খায়েই ঘৰৰ গৃহষ্ঠই দিনৰ এপৰলৈ হাল বাই খৰালি কৰাল মাৰি থকা মাটিৰ চহ কৰে । এই
লাড়ু যথেষ্ট শক্তিদায়ক ।
ইয়াৰ উপৰিও নপকা পূৰঠ ভীমকল চকলা চকলকৈ কাটি কেৰাহিত তেল নিদিয়াকৈ পুৰি খাবলৈ বৰ ভাল হয় । গাওঁৰ বহুলোকে চাহৰ লগত বিস্কুতৰ পৰিৱতে ভীমকলৰ এনেধৰণৰ পূৰা কল খাই ।
পকা ভীমকলৰ পৰা গুটিবোৰ চালনীৰে চালি আতৰাই ছয়মহৰ পৰা কেচুঁৱাক খোৱালে শ্ৰীবৃদ্ধি হয় ।
শিশুৰ পঁয়ালগাও ভাল হয় ।
পকা ভীমকলৰ পৰা জেলি বনাইও খাব পাৰি । পকা ভীমকল পাতল পাতলকৈ কাটি ৰ’দত ভালদৰে শুকুৱাই পাছত বিস্কুতৰ নিচিনাকৈ চাহৰ লগত খাব পাৰি ।
পকা ভীমকলৰ পৰা ঘৰুৱা সুৰা প্ৰস্তুত কৰা হয় ।
অসমৰ জনজাতি সম্পদায় লোকে পকা ভীমকলৰ লগত সাঁজৰ পিঠা সানি ঘৰুৱা সাঁজ তৈয়াৰ কৰা দেখা যায় । এনেধৰণে তৈয়াৰ কৰা সাঁজ খাবলৈ মিঠা আৰু দেখিবলৈ গাঢ় হালধীয়া হয় ।
কেঁচা ভীমকল ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয় ।
পেটচলা বেমাৰত এটা কেঁচা ভীমকলৰ ৩ ভাগৰ ১ ভাগ, মধুৰীয়ামৰ কুমলীয়া আগ তিনিটা আৰু ২ ইঞ্চি দীঘল আৰু ১ ইঞ্চিমান বহল শিলিখা গছৰ বাকলিৰ সৈতে খুন্দি পৰিশ্ৰুত খালে মাত্ৰ দুই পালিতে পেটচলা ভাল হয় ।
অৱশ্যে পৰিমাণ বেছি হ’লে
শৌচ টানহৈ কষ্ট হয় ।
কলডোং- কল গছৰ কাণ্ড অপ্ৰকৃত কাণ্ড ।
কিছুমান দীঘল দীঘল অৱতলীয় বাকলিৰে উলম্বভাৱে সজ্জিত হৈ অপ্ৰকৃত কাণ্ড গঠন হয় ।
গছ ডালৰ বাহিৰৰ পৰা ভিতৰলৈ বাকলিসমূহৰ আকাৰ ক্ৰমান্বয়ে কমি যায় ।
বাহিৰৰ পৰা ভিতৰ ফালৰ ৪-৫ টা বাকলি বিভিন্ন কামত ব্যৱহাৰ কৰা হয় ।
গাঁৱৰ লোকসকলে সমজোৱা ভোঁজ বা সকাম-নিকামত খোৱাৰ থালিৰ পৰিৱতে কলডোং ব্যৱহাৰ কৰে ।
এনেদৰে খাবলৈ থালিৰ পৰিৱতে ব্যৱহাৰ কৰা কলডোংক কলপতুৱা বুলিও কয় ।
কলডোঙৰ পৰা বিশেষভাৱে বনোৱা পাতত কোমল চাউল, দৈ আৰু গুৰ দি খোৱা জলপান অসমৰ গাম্য জীৱনৰ পৰম্পৰাৰ দৰে ।
অস্থায়ীভাৱে ব্যৱহাৰ কৰা কলডোং পৰিৱেশ হিতৈশী ।
আজিকালি বনভোঁজ খাবলৈ যোৱা দলসমূহে প্লাষ্টিক বা পলিথিনৰ দ্বাৰা তৈয়াৰী প্লেট ব্যৱহাৰ কৰে আৰু সেইবোৰ খোৱা ঠাইতে পেলাই থৈ আহি পৰিৱেশ বিনষ্ট কৰে ।
সেই প্লাষ্টিক বা পলিথিনৰ প্লেট ব্যৱহাৰ কৰা পৰিৱতে যদি কলপতুৱা ব্যৱহাৰ কৰা হয় তেন্তে পাশ্বক্ৰিয়াহীন পাতবোৰ সোনকালে পচি গৈ পৰিৱেশ পৰিষ্কাৰকৈ ৰাখিব । ছোৱালী তুলনী বিয়াত কলডুঙৰ দ্বাৰা সজোঁৱা বেৰীৰ (কন্যাক গা ধোৱাবলৈ ব্যৱহাৰ কৰা ঘৰ) ভিতৰত কন্যাক গা ধোৱায় ।
কলগছ- কল গছৰ ব্যৱহাৰ সকলোৱে দেখিছে ।
অপ্ৰকৃত কাণ্ড কাটি গাৱঁৰ বিয়া সভাহত ৰভা সাজিবলৈ খুটা হিচাপে ব্যৱহাৰৱ কৰা হয় ।
এনেধৰণৰ একোডাল মজবুত কল গছৰ খুটা ১০ ৰ পৰা ১৫ দিন পৰ্য্যন্ত নেগেলাকৈ থাকে ।
বাৰিষাৰ সময়ত গৰু-মহৰ ঘাঁহৰ নাটনি হয় ।
তেনে সংকট সময়ত কলগছ সৰু সৰুকৈ কাটি গৰু-ম’হক খোৱায় । বানপানীৰ সময়ত কলগছৰ ভূঁ সাজি বান প্ৰীৰিতই পানীত চলাচল কৰা আমি সকলোৱে দেখিছো ।
কলপুলি- কলপুলি পচলা হিচাপে খোৱাৰ ওপৰিও বিভিন্ন মাংগলিক কাম কাজত ব্যৱহাৰ কৰা হয় ।
পদুলিৰ মুখত দুফালে দুটা কলপুলি পুতি বিয়া সবাহত অতিথিক আদৰণি জনাৱাটো অসমীয়া সমাজৰ নিয়ম । তাৰোপৰি বিহু, পূজা-পাৱন, দহা-কাজ আদি সকলোতে কলপুলিৰ গুৰুত্ব আমি সকলোৱে দেখিছো ।
কলপাত- কল ডোঙৰ দৰে কলপাত খোৱাৰ থালিৰ বিকল্প হিচাপে ব্যৱহাৰ হয় ।
সকাম-নিকামত, পূজা-পাৱন আদিত প্ৰসাদ খাবলৈ কলপাত ব্যৱহাৰ কৰা হয় ।
কৃত্ৰিম ভাৱে তৈয়াৰ কৰা খোৱা থালি যি দৰে পৰিৱেশৰ অপকাৰী ঠিক তেনেকৈ স্বাথ্যৰ পক্ষেও হানিকাৰক ।
এনে ক্ষেত্ৰত কলপাত ব্যৱহাৰ কৰিব পাৰি ।
আজি কালি ডাঙৰ ডাঙৰ হোটেল ৰেষ্টোৰাতো খোৱাৰ থালিৰ ওপৰত কলপাত পাৰি দিয়া দেখা যায় ।
গ্ৰাহকেও খাই ভাল পায় ।
দক্ষিণ ভাৰতীয় প্ৰায়বোৰ হোটেলত কলপাত ব্যৱহাৰ কৰা দেখা যায় ।
গছত শুকাই যোৱা কলপাতৰ ঠাৰি ছাই কৰি খাৰ প্ৰস্তুত কৰা দেখা যায় ।
গাৱঁৰ দুখীয়া লোকসকলে বিয়া সভাহত ৰভা বনাওঁতে তিউপাল বা টিনৰ পৰিৰ্ৱতে কেচাঁ কলপাত ব্যৱহাৰ কৰে । সোণোৱাল কছাৰী সকলৰ পৰম্পৰা বহুৱা নৃত্যৰ বাবে বহুৱা সজাওঁতে কেঁচা কল পাত ব্যৱহাৰ কৰে ।
শুকান কল পাতৰ মাজৰ ঠাৰি ডাল ঢাৰি বনাবলৈও ব্যৱহাৰ কৰা দেখা যায় ।
আগৰ দিনত গাঁৱৰ স্কুললৈ যাওঁতে কলৰ ঠাৰিৰ পৰা বনোৱা বহা ঢাৰি লৈ যোৱাটো স্বাভাৱিক আছিল ।
ঔষধ হিচাপে ভীমকল -
কৃমি-নাশকঃ কলপাতৰ বগা উপৰি পৃষ্ঠ মম জাতীয় পৰ্দাথ থাকে ।
এই মম জাতীয় পৰ্দাথবিধ কৃমিনাশক ।
কলপাতত গৰম ভাত ১৫ ৰ পৰা ২০ মিনিট সময় বান্ধি ৰাখি কৃমিৰ দ্বাৰা আক্ৰান্ত ৰোগীক খাবলৈ দিলে ৰোগী আৰোগ্য হয় ।
ইয়াৰ বাহিৰেও, ৬-৮ মাহ মান বয়সৰ কল পুলি এটা মাটিৰ পৰা ডেৰফুট মান ওপৰত কাটি মূঢ়াটোৰ পৰা ভিতৰৰ কোঁহটো উঠাই ল’ব লাগে ।
কোঁহ এৰোৱাই সৃষ্টি হোৱা বিন্ধাটো একেজোপা গছৰে কলপাত এখনেৰে ৰাতিটো বাহিৰৰ পৰা কোনো ধৰণৰ অপৰ্দাথ সোমাব নোৱাৰাকৈ বান্ধি ৰাখিব লাগে ।
পুৱা বিন্ধাটোত জমা হোৱা পানী সংগ্ৰহ কৰি আধা কাপ দিনে দুবাৰকৈ তিনি দিন খালে শৌচাদ্বাৰেদি পেলু ওলাই আহে ।
গৰ্ভধাৰণঃ গৰ্ভধাৰণ নোহোৱাটো কেৱল পাৰিবাৰিক সমস্যাই নহয়, ই সামাজিক, মানসিক আৰু পৰিয়ালৰ বাবে অশান্তি কাৰকো ।
বহুতো লাকে ভীমকলৰ পৰা তৈয়াৰী ঔষধ খাইয়ো সন্তানৰ মূখ দেখাৰ সম্ভৱ হৈছে ।
এনে ক্ষেত্ৰত কলডিল নোহোৱা পৈণত কলগছ এডাল মাটিৰ পৰা এফুট মান ওপৰত কাটিব ল’ব লাগে ।
কটা মূঢ়়া টোৰ পৰা মাজৰ কোঁহিটো উলিয়াই এটা বিন্ধা সৃষ্টি কৰিব ল’ব লাগে ।
একে জোপা গছৰে পাত এখিলাই কোনো ধৰণৰ বাহিৰা পৰ্দাথ সোমাব নোৱাৰাকৈ বিন্ধাটো ভালদৰে বান্ধি থব লাগে ।
পুৱা বিন্ধাটোত জমা হোৱা পানীখিনি সংগ্ৰহ কৰিব লাগে ।
এইদৰে সংগ্ৰহ কৰা পানী খিনিত ৬-১০ টা মান গংগাতুলসী (Hyptis
suaveolens) গুটি এঘন্টা সময় তিয়াই ৰাখিব লাগে ।
এই মিশ্ৰণ পুৱা খালী পেটত তিনি দিন তিনি জোপা বেলেগ বেলেগ গছৰ পৰা খালে তিৰোতাৰ গৰ্ভাধাৰণ হ’ব পৰা ক্ষমতা লাভ কৰে ।
গাঁঠি বিষঃ গাঁঠি বিষ হ’লে কলৰ পোৰা বাকলিৰ ছাই আৰু ক’লা হালধীৰ (Curcuma caesia Roxb.) সম পৰিমাণে লৈ তৈয়াৰী মিশ্ৰণ বিষ হোৱা অংশত লগালে বিষ ভাল হয় ।
গ্ৰহনীঃ পকা ভীমকল এটা কাটি ইয়াৰ আধা অংশ এক লিটাৰ পানীত ৰাতিটো তিয়াই ৰাখি পুৱা খালী পেটত চাৰি দিন খালে গ্ৰহণী ভাল হয় ।
ৰাসায়নিক ধৰ্ম-
কল গছৰ অপ্ৰকৃত কাণ্ডটো প্ৰায় ৯৫ %
পানীৰে ভৰা ।
২৫ কি.গ্ৰা. কেঁচা অপ্ৰকৃত কাণ্ড শুকুৱালে মাত্ৰ ১.৫ কি.গ্ৰা. হে শুষ্ক অৱশিষ্ট পোৱা যায় ।
এই অৱশিষ্ট জ্বলালে মাত্ৰ ১৯০ গ্ৰাম মানহে ছাই পোৱা যায় ।
এই ছাইৰ মূখ্য উপাদান হল প’টাছিয়াম(K)
আৰু কাৰ্বনেট(CO3) । ইয়াত প’টাছিয়াম ১৯.৪০ %
আৰু কাৰ্বনেট ১৩.৪ % পোৱা যায় ।
কল গছৰ পৰা তৈয়াৰ কৰা খাৰৰ ক্ষাৰকীয় ধৰ্ম অতি বেছি ।
ক্ষাৰকৰ সৰ্বোচ্চ পৰিমাপ pH 14 ভিতৰত pH 13 য়েই কলখাৰত থাকে ।
কলখাৰত যথেষ্ট লৱণ থাকে ।
আমাৰ দৈনন্দিন খাদ্যৰ তালিকাত লৱণ অপৰিহায্য ।
আমি ব্যৱহাৰ কৰা লৱণৰ বৈজ্ঞানিক নাম ছ’ডিয়াম ক্ল’ৰাইড (NaCl2) বুলি জনাজাত ।
হৃদ আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগীৰ বাবে এই লৱণ ক্ষতিকাৰক ।
কিন্ত কলখাৰত পোৱা লৱণ ছ’ডিয়াম ক্ল’ৰাইড নহয় ।
ই হ’ল প’টাছিয়াম ক্ল’ৰাইড (KCl2)। এই বিধ লৱণ এনেধৰণৰ ৰোগীৰ বাবে উপকাৰী । কম ছ’ডিয়ামযুক্ত আৰু বেছি প’টাছিয়ামযুক্ত কলখাৰৰ ব্যৱহাৰৰ উপকাৰিতা নুই কৰিব নোৱাৰি ।
২.৬% ছ’ডিয়াম ক্ল’ৰাইডৰ বিপৰিতে ৪৬% প’টাছিয়াম থকা কলখাৰ নিসন্দেহে এনেধৰণৰ ৰোগীৰ বাবে উপকাৰী ।
লক্ষ্যণীয় যে ৫০০ মি.লি. কলখাৰৰ বাষ্পীয়কৰণ কৰিলে ১১ গ্ৰাম প’টাছিয়াম ক্ল’ৰাইডj লৱণ পোৱা যায় । তাৰোপৰি অতি কম মাত্ৰাত থকা মৌল এলুমিনিয়াম (Al),
কেডমিয়াম (Cd),
ক্ৰমিয়াম(Cr),
কপাৰ(Cu)
আৰু আইৰণে (Fe)
আমাৰ দেহত যথেষ্ট সহায় কৰে ।
আমাৰ দেহৰ চালিকা শক্তি উত্পাদনৰ বাবে মূখ্য ভূমিকা পালন কৰা উত্সেচক(enzyme) সমূহৰ লগত সহ-উত্সেচক (co-factor)হিচাপে সঙ্গ দি দেহৰ pH
ৰ মাত্ৰা সন্তোলিত কৰি ৰাখে, স্নায়ু সমূহৰ সংকেত প্ৰৱাহৰ কাৰ্য্য ক্ষমতা সন্তোলন কৰে, পেশীৰ সংকোচন-প্ৰসাৰণত সহায় কৰে, দেহৰ কলা-কোষ সমূহৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ উপৰিও সিহঁতৰ গঠন আৰু কাৰ্য্যক্ষম কৰি তোলাত সহায় কৰে ।
অতি গুৰুত্বৰ্পূণ কথা যে মানুহৰ দেহৰ বাবে ভয়ঙ্কৰ পৰ্দাথ হিচাপে জনাজাত আৰ্চেনিক (As)
আৰু লেড (Pb)
০.০১ ppm তকৈ কম থাকে ।
এই পৰিমাণ ক্ষতিকাৰক পৰিমানতকৈ যথেষ্ট কম ।
ওপৰত উল্লেখ কৰা বোৰৰ ওপৰিও ঠাই বিশেষে ভীম কলৰ আৰু বহুতো ব্যৱহাৰৰ দিশ দেখা যায় ।
ঘতিকে ভীমকল এনে এবিধ দৰকাৰী উদ্ভিদ যি মানুহৰ প্ৰতিটো কামতে ব্যৱহাৰ হয় ।
এসময়ত গাওঁবোৰৰ বাৰীৰ চোকে কোণে ঠাহ খাই থকা ভীমকল আজিকালি অৱহেলিত হৈ কমি আহিছে ।
বিশ্বায়নৰ প্ৰভাৱত আমি নিজৰ মাটিত গজা মূল্যৱান সৰ্বগুণী গছজোপাৰ প্ৰতি আওকাণ কৰিছোঁ । গোটেই বিশ্বত ইতিমধ্যে খাদ্য অভাৱে দেখা দিছে ।
পশ্চিমীয়া দেশসমূহত ভৱিষ্যতে হ’ব পৰা খাদ্য সংকটৰ পৰা সকাহ পাবলৈ নতুন নতুন খাদ্যৰ সন্ধান কৰা দেখা গৈছে ।
অলপতে এটা টি.ভি. চেনেলত দেখা গৈছিল বিভিন্ন পোক পৰ্ত্যংগৰ ভোজন, সেইবোৰৰ পেকিং আৰু বাৰ্ণিজ্য ।
গতিকে আমাৰ এই মাটিত খুউৱ সহজতে হোৱা এই মূল্যৱান অতি উপকাৰী গছজোপা সকলোৰে বাৰীত ৰুই থলে কিনো অসুবিধা হ’ব ! ৰে’ল আলি কাষে কাষে, ঘাইপথৰ কাষৰ অসংখ্য খালি ঠাই আছে, সেইবোৰত কল গছ ৰুই লাভৱান হোৱাৰ উপৰিও পাৰিপাৰ্শ্বিকতা সন্তোলিত কৰি ৰাখিব ।
ইয়াৰ উপৰিও অতি সোনকালে অনুৰ্ব্বৰ মাটিৰ পচন ঘটাই মাটি সাৰুৱা কৰে ।
শৰীৰত সকলো ধৰণৰ পুষ্টি যোগোৱা ভীমকলৰ ব্যৱহাৰ কৰিবলৈ আমি সকলোৱে শিকা উচিত ।
বাতৰি কাতত পঢ়িবলৈ পাইছো অসমৰ কেইজন মান উদ্যোগী ব্যক্তিয়ে ভীম কলৰ পৰা শিশু পুষ্টিকৰ খাদ্য ভীমভিটা আৰু ভীমশক্তি তৈয়াৰ কৰিছে ।
এই ভীমভিটা আৰু ভীমশক্তি বজাৰত কদৰ বাহিছে ।
কিন্তু চাহিদা অনুসৰি উত্পাদন তেনেই কম । লগতে পৰ্য্যাপ্ত পৰিমাণে কেচাঁমাল নথকা হেতু গ্ৰাহকৰ প্ৰয়োজন অনুসৰি অভাৱ পূৰণ কৰিব পৰা হোৱা নাই । গতিকে কোনো মূলধন নোহোৱাকৈ কৰিব পৰা ভীমকলৰ খেতি কৰি স্বাভলম্বী হ’ব পৰা প্ৰচুৰ সম্ভৱনা আছে ।