Thursday, 15 June 2017

নামৰূপীয়ান

দিল্লীহ নদীৰ পাৰতে                                         সহদেৱ সাহ   
জ্ঞানৰ কঠিয়াতলি                                             স্নাতক পঞ্চম সান্মাষিক
উদ্ভাসিত হৈ উজলি উঠিছে                                উদ্ভিদ বিজ্ঞান বিভাগ হিয়াৰ আমঠু নামৰূপ কলেজে
শুভ্ৰ ডেউকা মেলি
ৰঙা-নীলা পখিলী উৰি
হৈ পৰেহি নিতৌ চৌপাশ
মগন হঁও সোণালী সপোন খেদি ।
নানা জাতি নানা ধৰ্মৰ মাজতো আছে    কাহানিও নিছিগা একতাৰ বান্ধোন
দুৰণিৰ পৰা জীৱনৰ পথ বিচাৰি
 শিক্ষাৰ জ্যোতিৰে যাঁও আগবাঢ়ি
হাতে হাত ধৰি

হৈ পৰো নামৰূপীয়ান আমি

জীৱশ্ৰেষ্ঠ

তুমি নিশ্চয়কৈ অতি গৌৰাম্বিত হ’বা                     মৌচুমী গগৈ
নিশ্চয়কৈ ওখ হৈ ৰ’ব তোমাৰ শিৰ                     উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ
যেতিয়াই তুমি ভাৱিবা                                 বিজ্ঞান শাখা
তুমি যে জীৱশ্ৰেষ্ঠ মানুৱ ।
তোমাৰ আছে জ্ঞান,
আছে বুদ্ধি-বৃত্তি আৰু
প্ৰৱল চিন্তা শক্তি ।
কিন্তু ব্যস্ততাক একাষৰীয়া কৰি
এক মূহূৰ্তৰ বাবেও
তুমি বাৰু কেতিয়াবা ভাৱিছানে?                                             

এক্ষন্তেক আনৰ বাবে দি
সুখানুভূতিৰে জীৱন জীপাল কৰাৰ কথা !
সঁচাকৈয়ে জানো তুমি জীৱশ্ৰেষ্ঠ?
মানুহ হিচাপে তোমাৰ জানো
মানৱীয়তা আছে?
আছেনে দয়া, মমতা, আৱেগ নামৰ
মূল্যবান সম্পদবোৰ?
সুখৰ সাগৰত বিভোৰ হৈ
তুমিও জানো নিজকে হেৰুৱা নাই?
লোভ, মোহ, স্বাৰ্থপৰতাই আৱৰি ধৰা মনক
ভাৱিছানে সত্য আৰু মানবীয়তাৰে
নিৰ্মল কৰি লোৱাৰ কথা !
ধন সম্পতিৰ বাদেও
মৰমেৰে সকলোকে
আঁকোৱালি লোৱা ।
সঞ্চয় কৰা অন্য জীৱৰ বাবেও
এই ধুনীয়া বসুন্ধৰা ।।
নিজক বিলাই দিয়া জনকল্যাণৰ বাবে
আৰু তাৰ পাছত সগৌৰৱে কোৱা যে
“মই জীৱশ্ৰেষ্ঠ” ।

“আমি জীৱশ্ৰেষ্ঠ ।“