তুমি নিশ্চয়কৈ অতি গৌৰাম্বিত হ’বা মৌচুমী গগৈ
নিশ্চয়কৈ ওখ হৈ ৰ’ব তোমাৰ শিৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ
যেতিয়াই তুমি ভাৱিবা বিজ্ঞান শাখা
তুমি যে জীৱশ্ৰেষ্ঠ মানুৱ ।
তোমাৰ আছে জ্ঞান,
আছে বুদ্ধি-বৃত্তি আৰু
প্ৰৱল চিন্তা শক্তি ।
কিন্তু ব্যস্ততাক একাষৰীয়া কৰি
এক মূহূৰ্তৰ বাবেও
তুমি বাৰু কেতিয়াবা ভাৱিছানে?
এক্ষন্তেক আনৰ বাবে দি
সুখানুভূতিৰে জীৱন জীপাল কৰাৰ কথা
!
সঁচাকৈয়ে জানো তুমি জীৱশ্ৰেষ্ঠ?
মানুহ হিচাপে তোমাৰ জানো
মানৱীয়তা আছে?
আছেনে দয়া, মমতা, আৱেগ নামৰ
মূল্যবান সম্পদবোৰ?
সুখৰ সাগৰত বিভোৰ হৈ
তুমিও জানো নিজকে হেৰুৱা নাই?
লোভ, মোহ, স্বাৰ্থপৰতাই আৱৰি ধৰা মনক
ভাৱিছানে সত্য আৰু মানবীয়তাৰে
নিৰ্মল কৰি লোৱাৰ কথা !
ধন সম্পতিৰ বাদেও
মৰমেৰে সকলোকে
আঁকোৱালি লোৱা ।
সঞ্চয় কৰা অন্য জীৱৰ বাবেও
এই ধুনীয়া বসুন্ধৰা ।।
নিজক বিলাই দিয়া জনকল্যাণৰ বাবে
আৰু তাৰ পাছত সগৌৰৱে কোৱা যে
“মই জীৱশ্ৰেষ্ঠ” ।
“আমি জীৱশ্ৰেষ্ঠ ।“