ক’ত আছিলি সহদেৱ সাহ
তোক বেয়া নোপোৱাৰ কথা আছিল। পঞ্চম ষান্মাসিক,
উদ্ভিদ বিজ্ঞান বিভাগ
তোক নেদেখিম বহু দিন
নকৰিম সুখ-দুখৰ কৰমদম
চাইকেলৰ ব্ৰেক টানি আথে বেথে
নুসুধিম কেনে আছ তই
এনে কথা কোনোদিন নাছিল।
এটা সুগন্ধি হৈ বুকুৰ ভিতৰ পাইছিলি গৈ
দুখৰ বাট চ’ৰা
পানী পোতাত
উটুৱাই দিছিল পালতৰা কাগজৰ নাও।
তোক বেয়া পাব নোৱাৰিলোঁ কোনোদিন
অথচ বিছাৰি নাপালোঁ ক’তো
ভালপোৱাৰ একাঁজলি ৰ’দ।
No comments:
Post a Comment