মোৰ এটি কণমানি সপোন
|
সহদেৱ সাহ, চতুৰ্থ ষান্মাসিক উদ্ভিদ বিজ্ঞান বিভাগ |
এটি
কণমানি ঘৰ,
এটি
দুটি কৰি কেইটিমান জোনাকী সপোন,
আৰো
বিছাৰো
তোমাৰ ওঁঠৰ এমুঠি হাঁহি...
নাজানো
তুমি এতিয়া ক'ত,
কি
তোমাৰ নাম,
সাগৰিকা
সংঘমিত্ৰা নে অপৰূপা,
দু-চকুৰ
চিনাকি নাথাকিলেও তুমি যে মোৰ একেবাৰেই আপোন ।।
ভাল
পাওঁ তোমাক নিকা হৃদয়েৰে,
অপেক্ষাৰ
উৰণি গুচাই তুমি আহা মোৰ কাষলৈ,
নিচেই
কাষলৈ..
এচমকা
জোনাকহৈ ।