পালেং
শাকক ইংৰাজীত Spinach বুলি কয় । ইয়াৰ বৈজ্ঞানিক নাম Spinacia oleracia Linn.। পূৰ্বতে পালেং শাকক Chenopodiaceae গোত্ৰটোত ৰখা হৈছিল যদিও
বেছিভাগ চৰিত্ৰ খুটুৰা বা Amaranthaceae গোত্ৰৰে সাদৃশ্য থকাহেতু বৰ্তমান Amaranthaceae গোত্ৰত ৰখা হৈছে ।
পালেং শাক হ’ল শীত কালত হোৱা এবিধ বৰ্ষজীৱী
কৃষিজাত ঔষধি শাক। পাত বহল, কোমল, ডাঠ, ঘন সেউজীয়া, ৰসাল, কেঁচাই চাটনি হিচাপে
আৰু সিজাই শাক হিচাপে খোৱা এবিধ জনপ্ৰিয় বনজাতীয় শাক । অৱশ্যে নিজৰ ইচ্ছা অনুযাৰী
বিভিন্ন ধৰণৰ উপকৰণেৰে আঞ্জা তৈয়াৰ কৰি খোৱা দেখা য়ায় । অসমীয়া সমাজত পালেং শাকৰ
লগত মাছৰ জোল কৰি খোৱা দেখা যায় । ইয়াৰ উপৰিও দালিৰ লগত আঞ্জা ৰান্ধি খোৱা দেখা
য়ায় । যিকোনো উপকৰণেৰে ৰান্ধিলেও পালেং শাকৰ স্বকীয় সোৱাদ নোখোৱালৈকে বুজাই কোৱাটো
টান । ই অতি তৃপ্তিদায়ক ।
ৰাসায়নিক গুণাগুণ
পালেং শাকত প্ৰ’টিন, কেলচিয়াম, আইৰণ,
ভিটামিন এ, বি আৰু চি থাকে। ইয়াৰ পাতত ক্লৰ’ফিল আৰু লিপিড থাকে। এই লিপিডে বেক্টেৰিয়া নাশ
কৰে। পালেং শাকত কম পৰিমাণৰ কাৰ্বহাইড্ৰেট থাকে।
ঔষধি গুণাগুণ
শ্বাস-প্ৰশ্বাসজনিত ৰোগ,
কাহ-কফ হৈ থকিলে পালেং শাকৰ জোল গৰম কৰি খালে উপকৃত
হয়। এই জোলত অকণমান ক’লা নিমখ আৰু জালুকৰ গুড়ি
দিব লাগে। এজমা ৰোগীয়ে খালে সুফল পায়। পালেং শাক খালে ৰক্তস্ৰাৱ ৰোগীয়ে সুফল পায়।
সেইদৰে জণ্ডিচৰ ৰোগীয়েও পালেং শাক খালে সুফল পায়। দেহৰ অতিৰিক্ত চৰ্বি হ্ৰাস
কৰিবলৈ পালেং শাক খালে সুফল পোৱা যায়।
শৌচ খোলোচা ন’হলে বা কমকৈ ঘনে ঘনে হ’লে পালেং শাকৰ জোল খোৱা
উচিত। পালেং শাক খালে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, বিষেশকৈ কৰ্কট ৰোগ
প্ৰতিৰোধৰ ক্ষেত্ৰত পালেং শাক খোৱাটো বৰ প্ৰয়োজনীয়।
নিম্ন ৰক্তচাপ ৰোগীয়ে পালেং শাক
খালে সুফল লাভ কৰে। পালেং শাক খালে পঁয়ালগা ৰোগৰ পৰাও হাতসাৰিব পাৰি। দেহৰ হাড়,
দাঁতৰ গঠন সৱল কৰিবলৈ পালেং শাক খোৱা উচিত। পালেং শাক খালে দেহত থকা হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি পায়।
সৌন্দৰ্য বৰ্ধনতো পালেং শাকৰ গুৰুত্ব
অপৰিসীম। পালেং শাক খালে ছাল নিমজ হয়, কমনীয় গুণ বৃদ্ধি হয় আৰু ছালৰ বিভিন্ন ৰোগৰ
পৰা উপশম পায়।
সতৰ্কতাঃ পাথৰ হোৱা ৰোগীয়ে পালেং শাক পৰাপক্ষত নোখোৱাই ভাল ।