এই যন্ত্ৰৰ
দ্বাৰাই বহুতো
কাম কৰিলো;
মাঁথো সাগৰ সাতুৰী
পাৰ হ’ব নোৱাৰিলো।
তথাপিও......
এই জীৱনক ভাল
পাওঁ
কিন্তু কিয়??????
জীৱনৰ সকলো দিশতে
যেন
উন্নতিৰ পথ দেখা
পাওঁ...
বিৰিষে বিৰিষে
ন-কুহিঁ পাত হ’ল,
বিৰিষৰ সৌন্দৰ্য
সোৱঁৰী, সেই ন-কুঁহি
এদিন পৰিল তল
সৰি।
কুঁহি পাতৰ দৰেই....এই জীৱনে
নৰ দেহক জগতৰ
শুৱণী কৰি
মাটিৰ লগত যাব
মিলি।
তথাপিও.....
এই জীৱনক মই ভাল পাওঁ
এই জীৱনক লৈ সদাই আগুৱাই যাওঁ।
জীৱন মাঁথো এটি যন্ত্ৰ,
আৰু তাকেই কৰো আমি তন্ত্ৰ মন্ত্ৰ।