বাৰিষা
কবিঃ গায়ত্ৰী কোঁৱৰ
সূৰুযৰ ৰাঙলী পুৱা
ভাল পাওঁ মই
অসীম আকাশত
উমলি জামলি
হেজাৰ কথা পাতে প্ৰকৃতিয়ে
বাৰিষাৰ টোপালবোৰ
কিমান যে আচৰিত নহয় নে ।
বুকুত হেজাৰ কান্দোন
অথচ্ জিপাল কৰি তুলে
গোটেই প্ৰকৃতিখন
তুমি হোৱানা সেই ঋতু
মই বৰষা হৈ
নামিম তোমাৰ বুকুত
মোৰ শব্দ, বিভীষিকা, মৰিচিকাৰ ছাঁয়া
এৰা,
বাদ দিয়া, এয়া মাঁথো
মোৰ বাৰিষা মনৰ ভাৱনা ।
No comments:
Post a Comment