তুমি যেতিয়া যন্ত্ৰনা ভোগ কৰা , তেতিয়া ঈশ্বৰক ধন্যবাদ দিবা , কাৰণ যন্ত্ৰণাই হ'ল জীয়াই থকাৰ নিশ্চিত লক্ষণ -- এলবাৰ্ট হুবাৰ্ড
ইয়াৰ অৰ্থ হ'ল মানুহৰ জীৱনত যন্ত্ৰণাই পৰিবৰ্তন আনে । ভয়াতুৰক সাহসী , দুৰ্বলক অধিক শক্তিশালী কৰি তুলে, আৰু এনেধৰনৰ পৰিবৰ্তনেই মানুহৰ জীয়াই থকাৰ প্ৰমাণ দিয়ে ।
সংগ্ৰহ- শেৱালি কোঁৱৰ
"You should thank God for the obstacles you've enjoyed,
because obstacles are a sure sign that you're still alive." - Albert
Hubbar
The meaning of this quote is that obstacles or challenges in
life bring about change and growth. Even though they may be difficult and
intimidating, they have the power to make us courageous and strong, and they
are a proof that we are still alive and progressing. Therefore, we should be
grateful for these challenges and obstacles as they help us to become better
versions of ourselves.
Collected by Shewali Konwar
প্ৰবাদ বচন
১/ আছে হেংদাং লোৱা নাই , ললে হেংদাং চাৰণ নাই
--- যুজিবলৈ আগবাঢ়ি নাহিলে কাৰোবাক দুৰ্বলী বা ভয়াতুৰ বুলি ভাবিব নালাগে। খং উঠিলে সকলোৱেই ভয়ংকৰ হৈ উঠিব পাৰে।
২/ উলুৰ লগত বগৰী পোৰা যোৱা।
অৰ্থাৎ, অসৎ মানুহৰ লগত সংগত ভাল মানুহ থাকিলেও তেওঁৰো বিপদ হ'ব পাৰে।
৩/ কাকনো বুলিবা ককা, সকলোৰে দাঢ়ি চুলি পকা।
যেতিয়া সৰু বৰ সকলোৱে অপকৰ্মত লিপ্ত হয় , তেতিয়া কাকো দূখ দিবলৈ কোনো উপায় নাথাকে।
৪/ কিনা হাঁহৰ ঠোঁটলৈকে মঙহ।
--- অৰ্থাৎ কিনি অনা বস্তুৰ যিমান পাৰি সিমান বেছি ব্যৱহাৰ কৰিব চেষ্টা কৰা হয়।
৫/কৃষ্ণই কৰিলে লীলা ,আমি কৰিলে ধৰি বান্ধি কিলা।
---------সমাজৰ গণ্য মাণ্য মানুহে কিছুমান কাম কৰিলে প্ৰসংশা পায় । কিন্তু সাধাৰণ মানুহে কৰিলে ঠাট্টা মস্কৰাহে কৰা হয়।
সংগ্ৰহ- শেৱালি কোঁৱৰ
Note: Above matters were presented in morning assembly conducted by Department of Botany on 23rd, 24th and 25th March 2023. You may watch morning assembly
here
No comments:
Post a Comment