হতাশ নহ’বা বন্ধু
শেৱালি
কোৱঁৰ,
উদ্ভিদ বিজ্ঞান,
স্নাতক প্ৰথম বৰ্ষ
হতাশ নহ’বা বন্ধু
আজি ইমান হতাশ কিয়?
আকাশ
খনলৈ কেতিয়াবা মন কৰিছানে বন্ধু?
ই জানো
কেতিয়াবা হতাশাত ভাগি পৰে
আকাশৰ
দৰে দৃঢ় হোৱা
বন্ধু মেঘৰঞ্জনীৰ কলা ৰঙে
জানো আকাশৰ নীলা ৰঙক মোহাৰিব পাৰিছে?
নাই পৰা নাই মেঘে দিয়া বিপদৰ হোংকাৰ
শুনিও
জানো
আকাশে তাৰ
নীলা
মোহাৰি পেলায়!
ইয়াৰ পাছতে আৱৰে
এসোপা
কলা ডাৱৰে
কিন্তু
কলা ডাৱৰৰ হেঁচাত পৰি
আকাশে
জানো তাৰ ৰং সলনি কৰে
নাই নকৰে। কাৰণ
আকাশে জানে এই ৰং ক্ষন্তেকীয়া হে
আকাশ
বৰ ধৈয্যশীল।
No comments:
Post a Comment