Thursday, 2 March 2017

মই হেৰুৱাব নিবিচাৰো

সূর্য্য বৰা, ২য় ষান্মাযিক 
উদ্ভিদ বি‍জ্ঞান বিভাগ



মই হেৰুৱাব নিবিচাৰো
কিন্তু আজি তুমি যেন হেৰুৱাব খুঁজিছা
এদিন আমি এখন সাঁকো গঢ়িছিলো
   আৰম্ভ হৈছিল এক সম্পর্ক
   যাৰ কোনো নাম নাছিল
   আছিল মাঁথো এটি স্মৃতি‍
একেলগে গ’লো বহুদূৰ
   হঠাৎ তুমি ভাঙি দিলা
মোৰ ৰামধেনুৰ জিলমিল সপোন
সেয়ে আজি তোমাক হেৰুৱাব খু্জিছো
  ভাভি চিঙি সকলো বান্ধোন
  আৰু মই গুচি যাম নতুন বাটেৰে……
এক নতুন সুৱাস বিচাৰি‍
আকৌ এজাক সপোন ৰচিম ৷
য‘ত থাকিব কেৱল সাহস, সুখ-দুখ, অলেখ উলাহ 
  উৰি ফুৰিব মোৰ হেপাঁহৰ চুবুৰি‍ত
  দুচকুত অজুত তৰাৰ জিলমিলি ৷

1 comment: