Monday, 10 June 2019

গছ পুলি ৰোপণৰ কেইটিমান দিহা


যদিও গছ পুলি ৰোপণ কাৰ্য্য তেনেই সহজ, তথাপি চলি অহা পৰম্পৰাগত জ্ঞানৰ সৈতে কিছু ব্যহাৰিক জ্ঞান আৰু কৌশল অনুকৰণ কৰিব পৰা যায় তেতিয়া নিশ্চয় সেউজী ধৰণী গঢ়াৰ যি সামান্যতম প্ৰয়াস তাহাৰ কিছুলেও বাঢ়িব।
ৰ্বষা ঋতু গছ-বন শ্ৰীবৃদ্ধিৰ উৎকৃষ্ট সময়। এই ঋতুত প্ৰকৃতি সেউজীয়া হৈ পৰে। ফুল-ফলে ভৰি পৰে ধৰণগতিকে গছ ৰুলৈ ইয়াতকৈ উৎকৃষ্ট সময় আছে বুলি ভাৱিব নোৱাৰিকিন্তু গছৰ গুটি বা পুলিটো ৰু কেনেকৈ? আপোনাৰ জ্ঞানৰ সৈতে কিছু বৈজ্ঞানিক পদ্ধতি যদি অনুকৰণ কৰা হয়, তেন্তে সময় আৰু খৰচ কম হোৱাৰ লগতে সফলতাও সুনিশ্চিত হয়। ইয়াৰ বাবে আমি তলৰ দিশবোৰ অনুকৰণ কৰোঁ আহক---
১. আপুনি কি ধৰণৰ গছ ৰু প্ৰথমে সিদ্ধান্ত লওক আৰু ইয়াৰ পূৰঠ গুটিবোৰ আগতীয়াকৈ সংগ্ৰহ আৰু সংৰক্ষণ কৰি ৰাখচাব যাতে সম্পূৰ্ণ পূৰঠ, স্বাস্থ্যৱান আৰু ডাঙৰ যেন লগা গুটিহে নিৰ্বাচন কৰে,
২. গছ সাধাৰণতে মে-জুন মাহত বা বাৰিষাৰ বৰষুণ আৰম্ভ হোৱাৰ লগে লগে ৰোপণ কৰিলে বাচি থকা সম্ভাৱনা বেছি হয়, কিয়নো বাৰিষা প্ৰাকৃতিকভাৱে যথেষ্ট পানী বৰষুণৰ দ্বাৰা পায়,
৩. মে-জুন মাহত যদি পুলি ৰোপণ কৰিব বিচাৰে তেন্তে তাৰ তিনিমাহমান আগতে সংগ্ৰহ কৰি থোৱা ভাল পূৰঠ গুটিবোৰ নিৰ্বাচন কৰি গজাঁলি মেলিবলৈ ব্যৱস্থা কৰিব লাগে,
৪. গুটি নিৰ্বাচন কৰাৰ পূৰ্বে ঘৰত এবাৰ ব্যৱহাৰ কৰি পেলাই দিব লগা হোৱা প্লাষ্টিকৰ গ্লাছ, ৬-৭ ইঞ্চি ব্যাস আৰু ১০ ইঞ্চিমানৰ অব্যৱহাৰযোগ্য প্লাষ্টিকৰ বটল, মজবুত পলিথিন আদি ব্যৱহাৰ কৰিব পাৰে। পলিথিন বা প্লাষ্টিকৰ ধাৰক বা পাত্ৰ ব্যৱহাৰ কৰিলে তলৰ পৰা আধা ইঞ্চিমান ওপৰত তিনি চাৰিটামান ফুটা কৰি দিব লাগে যাতে পানী দিয়াৰ পাছত অতিৰিক্ত পানীখিনি ওলাই যাব পাৰে। এনে ধৰণৰ পাত্ৰ বা ধাৰকবোৰ অতি কমেও ১০ দিনমান আগতে শুকান গোৱৰ মিহলি কৰা মাটিৰে ভৰাব লাগে কিয়নো আগতীয়াকৈ মাটিভৰাই থলে মাটিৰ দানাবোৰ ভালদৰে ঠাহ খাই পৰে আৰু তাৰ ভিতৰত থকা বায়ু ওলাই যায়, যাৰ ফলত গুটিৰ অঙ্কুৰণৰ পাছত সহজে শিপা মেলিবলৈ সুবিধা হয়। অৱশ্যে মাটি ভৰাওঁতেও পাত্ৰ বা ধাৰকৰ ভিতৰত বায়ু সোমাই থাকিব নোৱাৰাকৈ ভৰাব লাগে,
৫. মাটি ভৰোৱা ৭-৮ দিনৰ পাছত পাত্ৰ বা ধাৰকৰ সোঁ-মাজত গুটিটো দিব লাগে। যদি গুটিবোৰৰ বহিস্তকখন টান হয় তেন্তে পাত্ৰ বা ধাৰকত দিয়াৰ আগতে দুদিনমান পানীত ডুবাই মাটিত দিয়াৰ আগত নিৰস কৰি লব লাগে। তাৰ দুদিনৰ পাছত অলপ অলপকৈ পানী ছটিয়াই থাকিব লাগে,
৬. স্বাস্থ্যৱান গুটি হলে এসপ্তাহৰ ভিতৰত গুটি অঙ্কুৰণ হবলৈ ধৰিব। তাৰ লগে লগে কিন্তু অপতৃণও বাঢ়িব, সেইবোৰ উভালি পেলাব লাগে। প্ৰয়োজন অনুসৰি পানী দি থাকিব লাগে,
৭. যদি পোক পৰুৱাই আক্ৰমণ কৰে তেন্তে ৰগৰ বা তেনে জাতীয় কীটনাশক কমকৈ দিব লাগে। যিহেতু আমি এইবোৰ গছ প্ৰত্যক্ষভাৱে নাখাওঁ, পোক-পৰুৱাৰ আক্ৰমণৰ পৰা বচাবলৈ সীমিত পৰিমাণত প্ৰয়োগ কৰিব পৰা যায়। অৱশ্যে জৈৱিক ভাৱে সুৰক্ষা দিব পাৰিলে ভাল,
৮. এনেদৰে প্ৰতিপালন কৰিলে ৩-৪ মাহৰ পাছত পুলিটো ৰুৱ পৰা হয়গৈ। ৰোৱাৰ সময়ত একেবাৰে ওপৰৰ পাত কেইখিলা পূৰঠ হব লাগে কিয়নো পুৰঠ হলে সেই পয্যায়ত শিপাই নতুনকৈ ৰোপণ কৰা ঠাইত পানী সহজে শোষণ কৰিব নোৱাৰিলেও হঠাতে মৰি নাযায়। কিন্তু আগটো কুমলীয়া হৈ থাকিলে উপযুক্ত পানী শিপাৰ দ্বাৰা গছৰ পুলিটোৱে নাপালে লেৰেলি শুকাই যোৱাৰ সম্ভাৱনা থাকে,
৯. ৰোপণৰ আগে আগে ডাঙৰ উদ্ভিদ জাতীয় গছ হলে ডাঙৰকৈ গাত খান্দিব লাগে। সাধাৰণতে গাত ২.৫x২.৫x২.৫ ঘনফুট আকাৰৰ কৰিব লাগে। অৱশ্যে কোমল মাটি হলে ইমান ডাঙৰ নকৰিলেও হয়। গাতবোৰ পুলিৰোপণৰ ৭-৮ দিনমান আগতে খান্দিব লাগে। খন্দা গাত পুটিবলৈ এক ফুটৰ ওপৰৰ মাটিৰে ভৰাব লাগে কিয়নো ওপৰৰ মাটিত যথেষ্ট পৰিমাণে জৈৱিক সাৰ জমা হৈ থাকে। তাৰোপৰি পচা জাবৰ-জোথৰ বা শুকান গোৱৰ দিব পাৰিলে ভাল,
১০. পুলিটো ৰোৱতে চাব যাতে গাতটোৰ সোঁমাজতহে পুলিটো ৰোপণ কৰা হৈছে কিয়নো সোঁমাজত ৰুলে গাতটোৰ কোমল মাটিত চাৰিওফালে সমানে শিপা মেলিব পাৰে। ইয়াৰ ফলত গছ ডাল মজবুত হৈ ভৱিষ্যতে বতাহ-ধুমুহাতো হালি নপৰাকৈ থাকিব পাৰিব। আৰু এটা কথা লক্ষ্য কৰা উচিত যে পুলিটোৰ সৈতে লাগি থকা মাটিখিনি যাতে ৰোপণৰ সময়ত কোনো কাৰণতে ভাগি নপৰে। পুলিটোৰ গুৰিত ভৰিৰে গচকি আঁতিব নগৈ অলপ দূৰৈৰ পৰা আঁতিব লাগে যাতে পুলিটোৰ মাটি আৰু শিপাবোৰ ছিগি নপৰে।

Monday, 2 July 2018

ষ্টিফেন হকিং

২১ বছৰ বয়সতে মানুহজনক কোঙা কৰি পেলাইছিল মটৰ নিউৰণ নামৰ দুৰাৰোগ্য ব্যাধিয়ে। ডাক্তৰে কৈছিল- "মানুহজনে পাব আৰু মাত্ৰ দুটা বছৰ।" দুৰাৰোগ্য ব্যাধিয়ে কোঙা কৰি পেলোৱা নিষ্প্ৰাণ শৰীৰটো কঢ়িয়াই লৈ ফুৰিছিল মানুহজনে, অদম্য শক্তিৰ মনটোৰ যোগেদি। হাৰ নামানে তেওঁ। ডাক্তৰক কৰিব মিছা প্ৰমাণিত। হুইল চেয়াৰৰ সহায়তেই অংশ লৈছিল সভা ছেমিনাৰ আদিত। ১৯৮৫ চনৰ কথা। অংশগ্ৰহণ কৰিছিল জেনেভাৰ এখন সভাত। তেতিয়াই তেওঁৰ কন্ঠস্বৰ হৈ আহিল অধিক দুৰ্বল, যাৰ ফলত মানুহজনে হেৰুৱাব লগা হ’ল কন্ঠস্বৰ।
হুৱাদুৱা লাগিল বিজ্ঞানীসকলৰ মাজত। সকলোৱে যেন বচাই ৰাখিব খোজে মানুহজনক। অদম্য প্ৰতিভাৰ গৰাকী মানুহজনৰ পৰা বিশ্বই বিচাৰে বহুত। নিৰ্মাণ কৰা হ’ল এখন চকী। চকীখনৰ এটা বাহুত সংস্থাপন কৰা হ’ল উচ্চ ক্ষমতা সম্পন্ন এক টেবলেট কম্পিউটাৰ। চকীখনৰ তলৰ অংশত ৰাখি থোৱা হ’ল দুটা বেটাৰী, যি সমগ্ৰ ইলেকট্ৰিকেল সঁজুলিৰ শক্তিৰ যোগান ধৰে। সংলগ্ন কৰা হ’ল তিনিটা স্পিছ-ছিনথেছাইজাৰ। ইউনিভাৰ্ছেল ৰিমটৰ যোগেদি বিশেষ পদ্ধতিৰ সহায়ত তেওঁ নিয়ন্ত্ৰণ কৰিব পাৰে ঘৰৰ লাইট, টেলিভিছন আদি। আগবাঢ়ি আহিল কেলিফৰ্নিয়াৰ ৱৰ্ডপ্লাছ নামৰ এটা প্ৰতিষ্ঠান। সংযোগ কৰি দিলে এ.এম.ডি. প্ৰচেছৰযুক্ত এটা অত্যাধুনিক কম্পিউটাৰৰ সতে বিশেষ স্পিছ-ছিনথেছাইজাৰ।
১৯৯৭ চনত শাৰীৰিক অৱনতি ঘটিল অধিক। আগবাঢ়ি আহিল Intel ® ৰ এজাক অভিযন্তা। চকীখন কৰিলে মেৰামতি। সাল সলনি কৰিলে কম্পিউটাৰ আৰু স্পিছ-ছিনথেছাইজাৰ। কাৰ্য্যক্ষম হৈ থকা একমাত্ৰ আঙুলিটোৰে পৰিচালনা কৰে সকলো কাম-কাজ মানুহজনে।
২০০০ চন, শৰীৰ হৈ পৰিল অধিক দুৰ্বল। অৱশ হৈ পৰিল একমাত্ৰ আঙুলিটো। কাৰ্য্যক্ষম হৈ থাকিল মুখৰ কিছু মাংসপেশী। অভিযন্তা সকলেও নামানে হাৰ। জীয়াই যে ৰাখিব মানুহজনক। সংলগ্ন কৰা হ’ল EZ Key নামৰ এক বিশেষ ধৰণৰ ইন্টাৰফেছ, যাৰ জৰিয়তে মানুহজনে অনায়াসে কম্পিউটাৰৰ মাউছৰ পৰা বিভিন্ন এপ্লিকেছনসমূহ কৰিব পাৰে নিয়ন্ত্ৰণ। মানুহজনৰ চকুৰ তলৰ মাংসপেশীবোৰ লৰচৰ হলে তেওঁৰ চছমাৰ লগত সংলগ্ন চেনছৰে তেওঁ বিচৰা আখৰটো “অন-স্ক্ৰীণ কী-বৰ্ড” ত দেখুৱাই দিব পাৰে। শেষলৈ শৰীৰ অধিক দুৰ্বল হ’ল, মানুহজনে তেতিয়া লিখিব পাৰে মিনিটত এটা বা দুটা শব্দ। ইন্টেলৰ অভিযন্তা সকলে আশা নেৰিলে। তেওঁলোকে সংযোগ ঘটালে Predictive- Word process নামৰ এটা বিশেষ প্ৰযুক্তি কম্পিউটাৰৰ লগত, যাৰ ফলত মানুহজনে এটা শব্দ স্ক্ৰীণত দেখুৱাই দিলে সম্ভাৱ্য পিছৰ শব্দতো নিজে নিজেই আহি পৰে, সেইদৰে দুটা শব্দ দেখুৱাই দিলে স্ক্ৰীণত আহি পৰে সম্ভাৱ্য একোটা বাক্য।
সেইখন চকীত বহিয়েই বিশ্ব জয় কৰি গ’ল মানুহজনে। জয় কৰি গ’ল শাৰীৰিক বাধাগ্ৰস্ততা, মিছা প্ৰমাণিত কৰিলে ২১ বছৰ বয়সতেই ডাক্তৰে দিয়া ভৱিষ্যতবাণী। সেই আশ্চৰ্য্যকৰ চকীখনৰ গৰাকী আছিল চিৰ নমস্য তাত্ত্বিক পদাৰ্থ বিজ্ঞানী, ক’জম’লজিষ্ট ষ্টিফেন হকিং। নাপাহৰো তোমাৰ অশ্ৰুসিক্ত সেই চকীৰ কাহিনী, নাপাহৰো তোমাক........... নাপাহৰো তোমাক...............।  
বি. দ্ৰু..লেখাটো কপি কৰা হৈছে । লেখকৰ পৰিচয় লগত দিব নোৱাৰা বাবে দুখিত- উপযুক্ত তথ্য পালে লেখকৰ নাম সংযুক্ত কৰা হ'ব ।

Post Graduate Admission at Cotton University

The ONLINE Applications are invited from the eligible candidates for admission into the Post Graduate Programme 2018 at Cotton University in the following Departments/Disciplines::
M.Sc:: Botany, Chemistry, Environmental and Wildlife Sciences (EWS), Geography, Geology, Mathematics, Molecular Biology and Biotechnology (MBBT), Physics, Statistics, Zoology.

M.A.:: Ancient Indian History, Culture and Archaeology (AIHCA), Anthropology, Arabic, Assamese, Bengali, Bodo, Economics, Education, English, Hindi, History, Persian, Philosophy, Political Science, Psychology, Sanskrit, Sociology.
MCA (Master of Computer Applications), PGDCA (Post Graduate Diploma in Computer Applications), and PGDMJ (Post Graduate Diploma in Mass Communication and Journalism).

Monday, 18 June 2018

Mycoplasma


Mycoplasma species are the smallest free-living organisms. These organisms are unique among prokaryotes in that they lack a cell wall, a feature largely responsible for their biologic properties such as their lack of a reaction to Gram stain and their lack of susceptibility to many commonly prescribed antimicrobial agents, including beta-lactams. Mycoplasmal organisms are usually associated with mucosal surfaces, residing extracellularly in the respiratory and urogenital tracts. They rarely penetrate the submucosa, except in the case of immunosuppression
or instrumentation, when they may invade the
 bloodstream and disseminate to different
organs and tissues throughout the body.
Mycoplasma is a genus of bacteria that lack
 a cell wall around their cell membrane.  
Without a cell wall, they are unaffected
by many common antibiotics such as penicillin or other beta-lactam antibiotics that target cell wall synthesis. They can be parasitic or 
saprotrophic. Several species are pathogenic in humans, including M. pneumoniae, which is an important cause of a typical pneumonia and other respiratory disorders, and M. genitalium, which is believed to be involved in pelvic inflammatory diseases. Mycoplasma species are the smallest bacterial cells yet discovered, can survive without oxygen, and come in various shapes. For example, M. genitalium is flask-shaped (about 300 x 600 nm), while M. pneumoniae is more elongated (about 100 x 1000 nm). Hundreds of mycoplasma species infect animals
The origin of the name-
            The term mycoplasma, from the Greek word -  mykes (fungus) and  plasma (formed), was first used by Albert Bernhard Frank in 1889 to describe an altered state of plant cell cytoplasm resulting from infiltration by fungus-like microorganisms. Julian Nowak later proposed the genus name Mycoplasma for certain filamentous microorganisms imagined to have both cellular and acellular stages in their life cycles, which could explain how they were visible with a microscope, but passed through filters impermeable to bacteria. Later, the name for Mycoplasma was pleuropneumonia-like organisms (PPLO), broadly referring to organisms similar in colonial morphology and filterability to the causative agent (a mycoplasma) of contagious bovine pleuropneumonia
Characteristics
            Over 100 species have been included in the genus Mycoplasma. Microbes of the class Mollicutes, to which Mycoplasma belongs, are parasites or commensals of humans, animals, and plants. the genus Mycoplasma uses vertebrate and arthropod hosts. Dietary nitrogen availability has been shown to alter codon bias and genome evolution in Mycoplasma and Phytoplasma
            Cell morphology        "Due to the lack of a rigid cell wall, Mycoplasmataceae can contort into a broad range of shapes, from round to oblong. They therefore cannot be classified as rods or cocci.


Sunday, 18 March 2018

কেঞ্চাৰ, কিড্নী ফেইলাৰ বিৰূদ্ধে যুজঁ কৰো আহক‌

                                                                                                            ডা:মনোজ কুমাৰ শইকীয়া

              আমাৰ অসমীয়া মানুহক ঔষধ আৰু আন কোম্পানীয়ে গিণিপিগৰ দৰে ব্যৱহাৰৰ কৰাৰ বাবে দূৰাৰোগ্য কেঞ্চাৰ আৰু কিডনী ফেইলাৰ ৰোগ বৃদ্ধি হ'ব ধৰিছে আৰু আমাৰ পিছৰ প্ৰজন্মৰ কফিনত শেষ গজালটোহে মাৰিবলৈ বৰ্তমান বাকী আছে। ইয়াৰ পৰা ৰক্ষা পাবলৈ আমি এতিয়া সচেতন হ'বৰ হ'ল।

(১) কিডনী ফেইলাৰ আৰু দূৰাৰোগ্য কেঞ্চাৰ ৰোগ কাৰক গেষ্ট্ৰিকৰ ঔষধ পেন্টোপ্ৰাজল, ৰবিপ্ৰাজল টেবলেত আৰু কেপচুল সম্পূৰ্ণ ভাৱে বৰ্জন কৰক। কিছুমান চিকিৎসকে জধেমধে লিখা থাইৰক্সিন হৰমন ঔষধ বৰ্জন কৰি, শাৰীৰিক পৰিশ্ৰম আৰু যোগাভ্যাস কৰক। অসমত কেইবছৰমানৰ পৰা হঠাতে বৃদ্ধি পাইছে কেঞ্চাৰ আৰু কিডনী ফেইলাৰ ৰোগী। ইয়াৰ বাবে একাংশ ধনলোভী চিকিৎসক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে দায়ী। কিছুবছৰ আগতে নিমেছুলাইড নামৰ ঔষধ জ্বৰ আৰু বিষ নাশক হিচাবে প্ৰয়োগ কৰাৰ বাবে অসমৰ বহুত মানুহৰ কিডনী ফেইলাৰ হৈছে। এতিয়া গেষ্ট্ৰাইটিচৰ ঔষধে অসমৰ মানুহক দেশৰ ভিতৰতে সৰ্বাধিক কিডনী ফেইলাৰ আৰু কেঞ্চাৰ ৰোগী কৰিব।

(২) কেঞ্চাৰ ৰোগ সৃষ্টিকাৰক পশ্চিমৰ ৰাজ্যৰ চাউল, ঘেহু আদি বৰ্জন কৰক। সেউজ বিপ্লৱৰ নামত পাঞ্জাৱ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আদি ৰাজ্যত অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা হয় । এই ৰাসায়নিক সাৰ আৰু কীটনাশক ৫%- ৭% শস্যত সঞ্চিত হয়। তাৰোপৰি চাউল, ঘেহু ইত্যাদি খাদ্য শস্য নপচিবলৈ আৰু পোকে নাখাবলৈ ডি ডি টি, মালাথিয়ান, ফুৰাদন আদি কৰি স্বাস্থ্য ক্ষতিকাৰক বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলাই দিয়া হয়। চাউলতকৈও বেছি ক্ষতিকাৰক ৰঙা চাকি আটা। মনত ৰাখিব, চাউল ধূলে কম পৰিমাণে হ'লেও বিষাক্ত পদাৰ্থ আতৰ হয়। কিন্তু আটা ধূই খাব নোৱাৰি আৰু আটা বনোৱাৰ আগতেও ঘেহু ধূই পৰিস্কাৰ নকৰে। সেয়েহে সৰু লৰা-ছোৱালী , বৃদ্ধ আৰু ডায়েবেটিচ ৰোগীৰ বাবে ৰঙা চাকি আটা খোৱাটো বেছি বিপদজনক।

(৩) ৰাস্তাৰ কাষত পৰি থকা গেলি-পচিব ধৰা মৃতদেহতকৈও দূষিত আৰু বিষাক্ত চালানী মাছ বৰ্জন কৰক। চালানী মাছ নাখালে মানুহ নমৰে। মানুহৰ বিষ্ঠা, মৰা জীৱ-জন্তু, নাড়ী আদি খুৱাই ডাঙৰ কৰা চালানী মাছত ফিটা পেলু থাকে। ডেডবডী সংৰক্ষণৰ কাৰণে ব্যৱহাৰ কৰা, কেঞ্চাৰ তথা কিড্নী ফেইলাৰ ৰোগ কাৰক বিষাক্ত ফৰ্মেলিন সানি অসমীয়া সকলক দূৰাৰোগ্য কেঞ্চাৰ আৰু কিড্নী ফেইলাৰ ৰোগত আক্ৰান্ত কৰিব বিছৰা চালানী মাচ সম্পূৰ্ণ বৰ্জন কৰক। এই চালানী মাছৰে অন্নপ্ৰাশন, শ্ৰাদ্ধৰ ভোজ, আলহীক আপ্যায়ন, বিয়া-সবাহ আৰু অন্যান্য উৎসৱ পাৰ্বনত খুৱাৰ মানসিকতা দূৰ কৰক, নিজেও নাখাব আৰু আনকো খাবলৈ মানা কৰক। প্ৰয়োজন সাপেক্ষে আলুপিটিকা ভাত খাওক, নিৰোগী হৈ থাকিব পাৰিব।

(৪) কাৰ্বাইদ দি পকোৱা কল বৰ্জন কৰিলে কল বেপাৰীয়ে কলত কাৰ্বাইদ দিয়া বন্ধ কৰিবলৈ বাধ্য হ'ব।

(৫) প্লাষ্টিকৰ বাচন-বৰ্তন ব্যৱহাৰ নকৰিব। ননষ্টিক টাৱা, কেৰাহী ব্যৱহাৰ নকৰিব। সাতাম পুৰুষে ব্যৱহাৰ কৰি অহা লোহাৰ কেৰাহী, কাহৰ বাচন ব্যৱহাৰ কৰক।

(৬) ফাষ্টফুড বিশেষকৈ মমো, শীতল পানীয়, পেকেজি‌ঙ খাদ্য বৰ্জন কৰক। শীতল পানীয় বা কল্ড ড্ৰিঙ্কচত থকা বি ভি অ কেঞ্চাৰ ৰোগকাৰক।

(৭) ধপাত সেৱন বন্ধ কৰক। 

(৮) ৰিফাইন তেলৰ পৰিৱৰ্তে সৰিয়হ বা তিলতেল খাওক।

(৯) অত্যাধিক পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা শাক-পাচলি, ফল-মূল বৰ্জন কৰক। কেইবা ঘন্টা নিমখ পানীত ডুবাই ৰাখি খালে বিষাক্ত পদাৰ্থ কিছু কমে।

(১০) পৰম্পৰাগত আমাৰ সাতাম পুৰুষীয়া খাদ্য খাওক।

(১১) অপ্ৰিয় সত্য, অসমৰ একাংশ চিকিৎসকে ৰোগীক কমিচনৰ ধান্দাত জধেমধে সঘনাই এক্সৰে, আলট্ৰা চনগ্ৰাফী, এম আৰ আই, চি টি স্কেন কৰিবলৈ বাধ্য কৰে। এই বিলাক বেছি কৰিলে ৰেডিয়েচনৰ কাৰণেও কেঞ্চাৰ হ'ব পাৰে। কিন্তু প্ৰয়োজন সাপেক্ষে কৰিলে কমকৈ ক্ষতি কৰে বাবে বিশেষ চিন্তনীয় নহয় ।

(১২) আতাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে, অনাৱশ্যক ভাৱে বেছিকৈ ঔষধ প্ৰেছক্ৰাইব কৰা আৰু বেছিকৈ লেবৰেটৰীত পৰীক্ষা কৰিবলৈ বাধ্য কৰিব বিছৰা চিকিৎসকক সম্পূৰ্ণ বৰ্জন কৰা। এই ধৰণৰ চিকিৎসকে আপোনাৰ লগতে আন দহজনৰো শাৰীৰিক, মানসিক আৰু আৰ্থিক ক্ষতিসাধন কৰে। মোৰ ওচৰলৈ অহা বেছিভাগ পুৰণি ৰোগীয়ে অনা ৰিপৰ্ট চাই কেতিয়াবা হতভম্ব হৈ পৰো, কিছুমান ৰোগীৰ ইতিমধ্যে কৰা ৮০-৯০ % পৰ্যন্ত পৰীক্ষা ৰোগীজনৰ বেমাৰৰ লগত কোনো সম্পৰ্ক নাই বা অনাৱশ্যক। 
           অপ্ৰিয় সত্য যে,ঔষধ কোম্পানীৰ মেডিকেল ৰিপ্ৰেজেন্টেটিভ সকলৰ নিৰ্দেশ মানি কমিচনৰ লোভত একান্ত বাধ্য ছাত্ৰৰ দৰে কিছুমান চিকিৎসকে স্বাস্থ্য হানিকাৰক ঔষধ লিখাৰ ফলত অসমীয়া সকলৰ মাজত দিনক দিনে বৃদ্ধি পাইছে কিডনী ফেইলাৰ, কেঞ্চাৰ আদিৰ দৰে দূৰাৰোগ্য ব্যাধি। লগে লগে এই ৰোগ নিৰাময়ৰ নামত গঢ়ি উঠিছে অন্য এক ব্যক্তিগত খণ্ডৰ ভটিয়নী উদ্যোগ ডায়েলাইছিচ আৰু কেঞ্চাৰ হস্পিতেল । সামান্য ক্ৰিয়েটিনিন বাঢ়িলেও আৰম্ভ কৰি দিয়ে ডায়েলাইছিচ, কিন্তু অসমত ডায়েলাইছিচ কৰা কিমান জন ৰোগী ভাল হৈছে??? বৰং ডায়েলাইছিচ কৰাৰ পিছত সেই ৰোগীৰ মৃত্যুৰ সময় চমু চাপি আহে। 

আমাৰ ফকৰা যোজনা আছে " বাচি খাবা জাগি শুবা " সদায় ভাৱি চিন্তি খাব, বয়বস্তু কিনিব আৰু চিকিৎসা কৰিব।