Saturday, 23 December 2017

কিডনী ৰোগৰ পৰা ৰক্ষা পোৱাৰ কিটিপ

ডা৹ মনোজ কুমাৰ শইকীয়া


কঁকালৰ ওপৰ অংশত দুয়োকাষে দুটা কিডনী বা বৃক্ক অৱস্থিত। কিডনী দেখাত উৰহী গুটিটোৰ দৰে। সোঁফালৰ কিডনী বাওঁফালৰ কিডনীতকৈ সামান্য তলত, ডাঠ আৰু সৰু তন্তুকোষৰে গঠিত খোলাৰ ভিতৰত কিডনী আৱদ্ধ হৈ থাকে। এজন প্ৰাপ্ত বয়সৰ ব্যক্তিৰ কিডনীৰ ওজন প্ৰায় ১৩০-১৫০ গ্ৰাম, ১০-১৩ ছে:মি: দীঘল আৰু প্ৰস্থ -৪ছে:মি: তেজ শোধন কৰাৰ বাবে কিডনীৰ ভিতৰত প্ৰায় ১০ লাখ নেফ্ৰণ থাকে। অতি সুক্ষ্ম কেশিকাৰে গঠন হোৱা জালিকা সদৃশ নলীকা-বোৰক গ্লমেৰুলাৰ নেফ্ৰণ বোলা হয়। গ্লমেৰুলাৰ নেফ্ৰণ প্ৰকৃতাৰ্থত এখন ছেকনী
কিডনীৰ মুখ্য কাম
""""""""""""""""""
আমাৰ শৰীৰৰত থকা কিডনী দুটাৰ মুখ্য কাম তেজ শোধন কৰি শৰীৰৰ বিষাক্ত আৰু অলাগতীয়াল পদাৰ্থ সমূহ পেচাবৰ সৈতে বাহিৰ কৰি শৰীৰ সুস্থ সবল আৰু নিৰোগী কৰি ৰখা। আমাৰ শৰীৰত দুই তৃতীয়াংশ পানী থাকে আৰু
এই পানীৰ ভাৰসাম্যতা কিডনীয়ে নিয়ন্ত্ৰণ কৰে। তাৰোপৰি তেজ শোধন কৰি তেজত থকা লৱনৰ গাঢ়তা নিয়ন্ত্ৰণ কৰি ৰাখে। শৰীৰৰ বৰ্জিত পদাৰ্থ আৰু অতিৰিক্ত লৱণ পেচাবৰ লগত বাহিৰ কৰে তেজত থকা ক্ষাৰ আৰু অম্লৰ মাজত বিক্ৰিয়া ঘটাই ক্ষাৰ আৰ অম্লৰ সমতুল্যতা নিয়ন্ত্ৰণ কৰে। প্ৰতি মিনিটত গ্লমেৰুলাৰ মাজেৰে একলিটাৰ তেজ প্ৰবাহিত হয় এই প্ৰবাহিত একলিটাৰ তেজৰ আধা অংশ (৫০০মি:লি:) প্লাজমা। নানা প্ৰকাৰৰ লৱণ, গ্লুক' আৰু সূক্ষ্ম কণিকাৰে প্লাজমা গঠিত হয় প্ৰতি মিনিটত নেফ্ৰণৰ মাজেৰে প্ৰবাহিত এক লিটাৰ তেজৰ প্ৰায় ১০০ মি:লি:তেজহে শোধন হয়। এইদৰে কিডনীয়ে প্ৰতিমূহুৰ্তত তেজ শোধন কৰি থকা বাবে আমি জীয়াই থাকিবলৈ সক্ষম হৈছো। সেয়েহে আমি সদায় কিডনী সুস্থ সবল কৰি ৰাখিব লাগিব। অন্যথা তেজ তথা শৰীৰত দূষিত পদাৰ্থ বৃদ্ধি হলে মৃত্যু অনিবাৰ্য্য। সেয়েহে কিডনী সুস্থ সবল কৰি ৰখাৰ কেইটামান উপায় তলত উল্লেখ কৰা '
() জধেমধে বিষনাশক ঔষধ নাখাব। বিষনাশক ঔষধে কিডনীৰ ক্ষতিসাধন কৰে। গেষ্ট্ৰিকৰ PPI ঔষধ যেনে- পেন্ট'প্ৰাজল আৰু ৰেব'প্ৰাজল বেছিদিন খালেও কিডনী ফেইলাৰকে আদি কৰি বিভিন্ন কিডনীৰ ৰোগ হয়। ফাৰ্মাছীৰ ঔষধ বিক্ৰেতাৰ পৰামৰ্শ অনুসৰি ঔষধ নাখাব।
() মাদক দ্ৰব্য বৰ্জন কৰিব। আজিকালি ভেজাল মাদকদ্ৰব্যৰ কাৰণেও কিডনী বিকল হয়।
() চালানী মাছ ফৰ্মেলডিহাইদ দি সংৰক্ষন কৰা হয়। সেয়েহে চালানী মাছ খালে কিডনীৰ অপকাৰ
হোৱাৰ উপৰিও কেঞ্চাৰ পৰ্যন্ত হয়।
() বিলাহী, ফুলকবি, উৰহি, বেঙেনা আদি পাচলিত বহুত বেছি ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰে এই ধৰণৰ পাচলি খালে কিডনীৰ ক্ষতি হয় অৱশ্যে নিমখ পানীত কেবাঘন্টা ডুবাই ৰাখি খালে অপকাৰ কমকৈ হয়
() চীনা বাদাম, 'লা আঙুৰ, বীট, তিয়হ, পালেঙ শাকত কেলচিয়াম থাকে বাবে বেছিকৈ নাখাব ৰঙালাওত পিউৰিণৰ পৰিমাণ বেছি থাকে বাবে কমকৈ খাব, অন্যথা পিউৰিণৰ কাৰণে বাতৰক্ত বা গাউট নামৰ বিষ বেমাৰৰ উপৰিও কিডনী ৰোগ ' পাৰে।
() গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত খাদ্যত কেলচিয়াম বেছিকৈ থকা বা বাবে কমকৈ খাব। অন্যথা কিডনী ষ্টন হোৱাৰ সম্ভাৱনা
() আজিকালি ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্ৰয়োগ কৰা খাদ্যৰ বাবেও কিডনীৰ নানানটা ৰোগ হয়।
() ডায়েবেটিচ, তেজত ইউৰিক এচিড বঢ়া আদি ৰোগত কিডনী আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা। সেয়েহে মাজে সময়ে ইউৰিক এচিড, ব্লাড চুগাৰ , ইউৰীয়া, ক্ৰিয়েটিনিন আদি পৰীক্ষা কৰিব লাগে ব্যতিক্ৰম দেখা পালে চিকিৎসা গ্ৰহন কৰিব
() তেতেলী খালে তেজত থকা বিষাক্ত পদাৰ্থ পেচাবৰ লগত বাহিৰ হয় আৰু কিডনীক সুৰক্ষিত কৰি ৰাখে তেতেলীত টাৰটাৰিক এচিড থাকে
(১০) কলত যথেষ্ট পৰিমাণে ভিটামিন বি-কমপ্লেক্স থাকে। তেজত থকা অতিৰিক্ত কেলচিয়াম, মেগনেছিয়াম, ফচফেট, অক্জেলেট পেচাবৰ সৈতে বাহিৰ কৰি কিডনী সুৰক্ষিত কৰি ৰাখে
(১১) নেমুটেঙাত চাইট্ৰিক এচিড থকা বাবে নেমুটেঙা বা নেমুৰ চৰ্বত খাব নেমুটেঙাৰ ৰসে কিডনীত জমা হোৱা কেলচিয়াম অক্সলেট্, ফছফেট্ আদি গেদবোৰ গলায় পেচাবৰ সৈতে বাহিৰ কৰি কিডনী পৰিস্কাৰ কৰে। সেয়েহে নেমুটেঙা খালে কিডনী ৰোগৰ পৰা হাতসাৰিব পাৰি।
(১২) অসমীয়াত এষাৰ কথা আছে "পানীয়েই প্ৰাণ, পানী বিনে নাই আন" কিমান বিজ্ঞান সন্মত এই বাক্যশাৰী ভাবি চাইছেনে ? আমাৰ শৰীৰত দুই তৃতীয়াংশ পানীৰে পৰিপূৰ্ণ। সেয়েহে আমাৰ শৰীৰটো ভালদৰে শোধন হোৱাৰ বাবে চাৰি-পাছ লিটাৰ পানীৰ প্ৰয়োজন। সেয়েহে আমাৰ কিডনী ৰোগমুক্ত কৰি ৰাখিবলৈ প্ৰতিদিনে চাৰিলিটাৰ পানী খাওক।
(১৩) পনৌনোৱা শাকৰ আঞ্জা খালে যিকোনো ধৰণৰ কিডনী ৰোগ হব নোৱাৰে।
(১৪) পূনৰ্ণৱাৰ ৰস, ভাজি বা তৰ্কাৰী খালে কিডনী ৰোগ সহজে ' নোৱাৰে।
(১৫) দুপৰটেঙা পাতৰ ৰস দুচামুচৰ লগত অলপ মিছিৰি মিহলাই দিনে তিনিবাৰ খালে সকলো প্ৰকাৰ কিডনী ষ্টন পেচাবৰ লগত বাহিৰ হয় তাৰোপৰি আন কিডনী ৰোগ সমূহ ভাল হয়।
(১৬) এক কেজি বৰুণ গছৰ বাকলি চাৰি-পাছ লিটাৰ পানীত সিজাব পানীৰ পৰিমাণ এক-ডেৰ লিটাৰ থকা অৱস্থাত নমাই ঠাণ্ডা হবলৈ দিব পিছত ভালদৰে ছেকি পানীখিনি ৰাখিব। ইয়াক ক্বাথ বোলা হয় এই বৰুণৰ ক্বাথ চাৰি চামুচকৈ দিনে তিনিবাৰ খালে কিডনী ষ্টন বাহিৰ হোৱাৰ উপৰিও সকলো প্ৰকাৰৰ কিডনী ৰোগ ভাল হয়
(১৭) মূলাপাতৰ ৰস খালে কিডনী ষ্টন পেচাবৰ লগত বাহিৰ হয় সেয়েহে মূলাপাত খাব লাগে।
(১৮) সকলো ধৰণৰ কিডনী ৰোগৰ পৰা ৰক্ষা পাবলৈ মাজেসময়ে পূনৰ্ণৱাৰিষ্ট চাৰিচামুচকৈ দিনে তিনিবাৰ আৰু চন্দ্ৰপ্ৰভা বটী দুটাকৈ দিনে তিনিবাৰ খাব লাগে।
(১৯) চন্দনাসৱ নামৰ আয়ুৰ্বেদিক ঔষধ চাৰিচামুচকৈ দিনে তিনিবাৰ মাজেসময়ে খাই থাকিলে কিডনী ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে।
(২০) কিডনী ৰোগ উপশমৰ শাস্ত্ৰীয় আয়ুৰ্বেদিক ঔষধ সমূহ:- চন্দনাসৱ, পূনৰ্ণৱাৰিষ্ট, গোক্ষুৰাদি গুগুলু, বৰুনাদ্য লৌহ, এলাদি চূৰ্ণ, গোক্ষুৰ চূৰ্ণ , বঙ্গেশ্বৰ ৰস, বৃহৎ বঙ্গেশ্বৰ, পূনৰ্ণৱা মণ্ডুৰ, স্বেতপৰ্পটী ইত্যাদি।
(২১) আয়ুৰ্বেদিক পেটেণ্ট ঔষধ সমূহ ;- Cystone , Calcury, Niree, Uflow, Nilstone, Green punarnawa ইত্যাদি।

আমি এই উপদেশ মানিব পাৰিলে কমেও ৮০% কিডনী ৰোগ অসমত কমিব। বাকী ২০% ৰোগীৰ বাবে আয়ুৰ্বেদিক চিকিৎসা প্ৰয়োজন ' প্ৰয়োজন নহ' ডায়েলিছিছ্; ধনৰ টোপোলা লৈ ঢাপলি মেলিব নালাগিব চেন্নাই, ভেলোৰ কিম্বা দিল্লীলৈ উন্নত চিকিৎসাৰ বাবে। মনকৰিবলগীয়া যে কিডনী বেয়া কৰিব পৰা আয়ুৰ্বেদিক ঔষধ এটাও নাই, বৰং কিডনী ৰোগ ভাল কৰিব পৰা আয়ুৰ্বেদিক ঔষধ বহুত আছে।

Tuesday, 21 November 2017

Placement /higher study

Placement /higher study record of students of Botany Department from the period 2014-15

to 2016-17

Sl. No.
Name of the students selected for higher studies
Year of Graduation
Sl. No.
Name
1
1
Miss Sunumoni Gogoi, M. Sc in Botany, Arunachal University

2014-15
2
2
Miss Priyankamoni Deb, E. Ed.

3
3
Miss Jimi Chaudang, E. Ed

4

1
Miss Seema Chaurasia, M. Sc in Biotechnology, Dibrugarh University

2015-16
5
2
Mr. Mayur Chaliha,
M. Sc in Biotechnology, USTM
6

1
Miss Priyanka Gogoi, M. Sc in Botany,
Nagaon College under Gauhati University






2016-17
7

2
Mr. Ridip Phukan, MSW,
Kaziranga University
8

3
Mr. Rejoish Changa, Tea Management, Darjeeling
9
4
Mr. Sumanta Kurmi,
PGDCA, Duliajan College
10
5
Mr. Ankur Borgohain,
Fire and Safety Engineering, Sivasagar
11
6
Mr. Rontu Gogoi,
Fire and Safety Engineering, Sivasagar